১০ হাজাৰ বন্তিৰে আলোকিত হ’ব দীঘলীপুখুৰীপাৰ

0 175

প্ৰতিবছৰে উদযাপন কৰাৰ দৰে এই বছৰো আছুৰ উদ্যোগত উদযাপন হ’ল সুধাকণ্ঠৰ মৃত্যু বাৰ্ষিকী। মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰত সুধাকণ্ঠৰ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জনোৱা হয়। এই অনুষ্ঠানত আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্যই শ্ৰদ্ধাঞ্জলি জনায়।

শ্ৰদ্ধাঞ্জলিৰ অনুষ্ঠানত সমুজ্জ্বল কুমাৰ ভট্টাচার্যই কয় যে আমি সদায় অসম চৰকাৰক ৭ টা দাবী উত্থাপন কৰি আহিছো। সেই অনুসৰি ভূপেন দাৰ সৃষ্টি ৰাজি শিক্ষানুষ্ঠানৰ পাঠ্যক্ৰমত অন্তর্ভুক্ত কৰাটো প্ৰয়োজন। ভূপেন দাৰ নামত আসন সংৰক্ষণ, সাংস্কৃতিক ৰেলৰ প্ৰৱৰ্তন,টাইম কেপচুলৰ জৰিয়তে ভূপেন দাৰ সৃষ্টি ৰাজি সংৰক্ষণ, ভূপেন হাজৰিকাৰ নামত বিশ্ববিদ্যালয়ৰ আসন সংৰক্ষণ কৰাৰ দাবী উত্থাপন কৰে। লগতে কয় যে সুধাকণ্ঠৰ সমাধি ক্ষেত্র প্ৰসাৰ কৰাৰ কথা কয়।উল্লেখ্য যে আজি সন্ধিয়া দীঘলী পুখুৰীপাৰত ১০ হাজাৰ বন্তি প্ৰজ্বলন কৰি সংগীতৰ জৰিয়তে আছুৱে শ্ৰদ্ধাঞ্জলি জনাব।

Leave A Reply

Your email address will not be published.