৩২ জাতি-জনজাতিৰ লোক,ছাত্ৰ-ছাত্ৰী, শিল্পী, কলা-কুশলী, ভিন-ভিন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিৰ উপস্থিতিত আজি অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশ্ববৰেণ্য শিল্পী, সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ পবিত্ৰ দ্বাদশ বাৰ্ষিক স্মৃতি দিৱসটি সাহিত্য সভাৰ সাংস্কৃতিক উপ-সমিতিৰ লগতে ডিফু আঞ্চলিক কাৰ্যলয়ৰ উদ্যোগত কাৰ্বি আংলং জিলা সাহিত্য সভাৰ সহযোগত আৰু ৰজাপথাৰ শাখা সাহিত্য সভাৰ আতিথ্যত বৰ্ণাঢ়্য কাৰ্যসূচীৰে ৰজাপথাৰ তিনিআলি উচ্চ মাধ্যমিক বিদ্যালয়”ত উদযাপন কৰা হয়।পুৱা ৮-৩০ বজাত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে ৰজাপথাৰ সাহিত্য সভাৰ সভাপতি উমেশ কাকতিয়ে । ৮-৩০ বজাত ড০ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধা নিবেদন মুকলি কৰে জিলা সাহিত্য সভাৰ সভাপতি ভবেন চন্দ্ৰ কোচ আৰু বন্তি প্ৰজ্বলন কৰে ৰজাপথাৰ সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি পৰমানন্দ তালুকদাৰে । ৯-১৫ বজাত ক্ৰমে গোলক বৰা সোঁৱৰণী মঞ্চ আৰু গোপেশ্বৰ বৰদলৈ সোঁৱৰণী মঞ্চ মুকলি কৰে সমাজকৰ্মী ধনছিং তেৰাং আৰু জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ভবেশ ৰাজবংশীয়ে । ১০ বজাত ড০ ভূপেন হাজৰিকাৰ প্ৰদৰ্শনীমূলক গীত আৰু নৃত্যৰ অনুষ্ঠানৰ অন্তত দিনৰ ১২ বজাৰ পৰা সম্বৰ্দ্ধনা অনুষ্ঠান আৰু আমন্ত্ৰিত শিল্পীৰ গীতৰ নান্দনিক অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত অংশ লৈ অসম সাহিত্য সভাৰ সাংস্কৃতিক উপ-সমিতিৰ কাৰ্যকৰী সভাপতি তথা দূৰদৰ্শনৰ অৱসৰপ্ৰাপ্ত সঞ্চালক দেবেন্দ্ৰনাথ বসুমতাৰীয়ে কয়- “ভূপেনদা অসম বা ভাৰতৰে নহয় তেওঁ বিশ্বৰে ৰত্ন হয় । বিশিষ্ট কবি- সাংবাদিক দীপক শৰ্মাই বিশিষ্ট অতিথিৰ ভাষণত কয়- ভূপেন হাজৰিকাই সাহিত্যৰ নৱেল বঁটা পাব লাগিছিল । তেওঁৰ গীতবোৰ ইংৰাজী বা অন্যান্য বিদেশী ভাষালৈ অনুবাদ হ’ব লাগে।আমেৰিকাৰ বব ডিলানে যদিহে সাহিত্যৰ নৱেল বঁটা পাই, তেতিয়াহ’লে ভূপেন হাজৰিকাইও পাব লাগে ।” অনুষ্ঠানত সাহিত্য সভাৰ সাংস্কৃতিক উপ-সমিতিৰ আহ্বায়ক তথা চলচিত্ৰ পৰিচালক অৱনী ৰঞ্জন পাঠক, সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক কমল কলিতা, ৰাংছিনা ভৱনৰ অৱৰক্ষণ সমিতিৰ কাৰ্যকৰী সভাপতি ৰাজেন বৰা, জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হৰিমোহন জিদুং বিশিষ্ট অতিথি, ৰাংছিনা ভৱনৰ গৱেষণা বিষয়া সুৰঞ্জনা হাচনু, সাহিত্য সভাৰ আকাশ উপ-সমিতিৰ আহ্বায়ক মঞ্জু হাজৰিকা, বিশিষ্ট সমাজকৰ্মী ডম্বৰুধৰ হাজৰিকা, জিতেন শইকীয়া, কেশৱ তেৰাং,ছাৰছ’ তিছ’, যাদৱ চন্দ্ৰ বৰদলৈ সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে । সাহিত্য সভাৰ ডিফু আঞ্চলিক কাৰ্যলয়ৰ সম্পাদক বিশ্বজ্যোতি হাজৰিকা, জিলা সাহিত্য সভাৰ সম্পাদক দিগন্ত বৰা, ৰজাপথাৰ সাহিত্য সভাৰ সম্পাদক প্ৰভাত বৰদলৈয়ে অতি নিয়াৰিকৈ আঁত ধৰা অনুষ্ঠানত জনপ্ৰিয় কন্ঠশিল্পী তৃঞ্চা দেৱী, কুইন দাস, জয়মতী নাৰ্জাৰী, প্ৰশান্ত ৰাজখোৱাই সুধাকন্ঠ ভূপেন হাজৰিকাৰ কালজয়ী বিভিন্ন গীত পৰিবেশন কৰি বিশাল ৰাইজক আপ্লুত কৰে । সভাত বিশিষ্ট শিল্পী তথা কাৰ্বি কালচাৰেল ছ’চাইটিৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ আৰু সমাজকৰ্মী অমৰ বৰদলৈক বিপুল ভাৱে সম্বৰ্দ্ধনা জনোৱা হয়।
Trending
- এয়াৰটেলৰ সৈতে ইউটিউবৰ অংশীদাৰিত্ব: প্ৰিপেইড গ্ৰাহকৰ বাবে ইউটিউব প্ৰিমিয়ামৰ সুবিধা
- পৰিৱেশ সংৰক্ষণৰ লক্ষ্যৰে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ১২ খনতকৈ অধিক যাত্ৰীবাহী ৰে’ল বৈদ্যুতিক ট্রেকচনলৈ পৰিবৰ্তন
- সতৰ্কতা সজাগতা অভিযানত পথিকৰ উদ্যোগত চি আৰ পি এফৰ গুৱাহাটী গ্ৰুপ চেণ্টাৰত বাটৰ নাট প্ৰদৰ্শন
- দিহানামক বিশ্বৰ দৰবাৰলৈ নিয়াৰ লক্ষ্যৰে সমন্বয়ৰ বার্তা বিলাইছে জালুকবাৰীৰ খানামুখৰ জ্ঞানমালিনী বিকশিত নামতি দলে
- Sainik school Goalpara crowned Assam State champion of WWFs wild wisdom Global challenge
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য