কামৰূপ মহানগৰ জিলা আয়ুক্ত হিচাপে আজি দায়িত্বভাৰ গ্ৰহণ কৰে ২০১৫ বেটছৰ ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া সুমিত ছাত্তাৱানে৷ ৰাজ্য চৰকাৰৰ শেহতীয়া এক নিৰ্দেশযোগে কৰ আয়ুক্ত হিচাপে বদলি হোৱা পল্লৱ গোপাল ঝাৰ স্থলাভিষিক্ত হৈছে সুমিত ছাত্তাৱান৷ আজি তেওঁ পল্লৱ গোপাল ঝাৰ পৰা কামৰূপ মহানগৰ জিলা আয়ুক্তৰ দায়িত্ব গ্ৰহণ কৰে৷ ইয়াৰ পূৰ্বে সুমিত ছাত্তাৱানে লখিমপুৰ জিলা আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ আজি বিয়লি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এখন সভাত জিলা আয়ুক্ত কাৰ্যালয়ৰ বিষয়া – কৰ্মচাৰীসকলে পল্লৱ গোপাল ঝাক বিদায় সম্বৰ্ধনা জনাই৷ একেখন সভাতে সুমিত ছাত্তাৱানক আনুষ্ঠানিক ভাৱে আদৰণি জনোৱা হয়৷
Trending
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী
- গুৱাহাটী বিশ্ববিদ্যালয়ত নৱাগত স্নাতকোত্তৰ শিক্ষাৰ্থী
- Assam Down Town University Holds an Interactive Session on Graphology Analysis
- Finance Minister Jayanta Mallabaruah Inspects Erosion Affected Jamuguri in Bihpuria- Directs Long-Term Protective Measures