কামৰূপ মহানগৰ নিৰ্বাচন জিলাৰ ৩৩- দিছপুৰ,৩৪- ডিমৰীয়া (অনুসূচীত জাতি),৩৫- নিউ গুৱাহাটী,৩৬- গুৱাহাটী চেন্ট্ৰেল, ৩৭- জালুকবাৰী বিধানসভা সমষ্টিৰ বাবে খচৰা ফটো ভোটাৰ তালিকা আজি প্ৰকাশ পাইছে৷ জিলা নিৰ্বাচন বিষয়া সুমিত ছাত্তাৱানে এক প্ৰেছ বিবৃতিযোগে সদৰি কৰে যে ফটো ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী,২০২৪ৰ সৈতে সংগতি ৰাখি প্ৰকাশ কৰা খচৰা ফটো ভোটাৰ তালিকাখন ভোটাৰৰ নিৰীক্ষনৰ বাবে জিলা নিৰ্বাচন বিষয়াৰ কাৰ্যালয়,প্ৰতিটো সমষ্টিৰ ভোটাৰ পঞ্জীয়ন বিষয়াৰ কাৰ্যালয় আৰু ৪২২ টা নিৰ্দিষ্ট ভোটকেন্দ্ৰ স্থানত উপলব্ধ হ’ব৷ৰাইজে ২০২৪ বৰ্ষৰ ৮ জানুৱাৰীৰ ভিতৰত দাবী আৰু আপত্তি দাখিল কৰিব পাৰিব৷১৬ ডিচেম্বৰৰ পৰা ২২ জানুৱাৰীৰ ভিতৰত দাবী আৰু আপত্তিসমূহ নিষ্পত্তি কৰা হ’ব৷ ৮ ফেব্ৰুৱাৰীত চুড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব৷ নাগৰিকে তেওঁলোকৰ দাবী আৰু আপত্তিসমূহ সংশ্লিষ্ট ভোট কেন্দ্ৰ, সংশ্লিষ্ট বি এল অ’বা ভোটাৰ পঞ্জীয়ন বিষয়াৰ ওচৰত নিৰ্দিষ্ট প্ৰ-পত্ৰযোগে অফলাইন মাধ্যমেৰে বা www.nvsp.in আৰু ভোটাৰ হেল্প লাইন এপত অনলাইন মাধ্যমেৰে দাখিল কৰিব পাৰিব৷ আজি প্ৰকাশিত খচৰা ফটো ভোটাৰ তালিকা মতে জিলাখনৰ ৫টা বিধানসভা সমষ্টিৰ ১০২৩ টা ভোট কেন্দ্ৰত ৫১৫৭৯৬ গৰাকী পুৰুষ আৰু ৫০৯৬৭৫ গৰাকী মহিলা ভোটাৰসহ মুঠ ১০২৫৪৭১ গৰাকী ভোটাৰ আছে৷ইয়াৰে দিছপুৰ সমষ্টিৰ ২১৩ টা ভোট কেন্দ্ৰত ৮৪,৯৭৬ গৰাকী পুৰুষ আৰু ৮৪,৪২৪ গৰাকী মহিলা ভোটাৰসহ মুঠ ১৬৯৪০০ গৰাকী ভোটাৰ আছে৷ ডিমৰীয়া সমষ্টিৰ ২২৫ টা ভোট কেন্দ্ৰত ৯৭৭৫৮ গৰাকী পুৰুষ আৰু ৯১৫৯৮ গৰাকী মহিলা ভোটাৰসহ মুঠ ১৮৯৩৫৬ গৰাকী ভোটাৰ আছে৷ নিউ গুৱাহাটী সমষ্টিৰ ১৯৩ টা ভোট কেন্দ্ৰত ১১০৭০১ গৰাকী পুৰুষ আৰু ১০৫৫৪০ গৰাকী মহিলা ভোটাৰসহ মুঠ ২১৬২৪১ গৰাকী ভোটাৰ আছে৷ গুৱাহাটী চেন্ট্ৰেল সমষ্টিৰ ১৮২ টা ভোট কেন্দ্ৰত ১০৬০২৮ গৰাকী পুৰুষ আৰু ১১১১২৫ গৰাকী মহিলা ভোটাৰসহ মুঠ ২১৭১৫৩ গৰাকী ভোটাৰ আছে৷ জালুকবাৰী সমষ্টিৰ ২১০ টা ভোট কেন্দ্ৰত ১১৬৩৩৩ গৰাকী পুৰুষ আৰু ১১৬৯৮৮ গৰাকী মহিলা ভোটাৰসহ মুঠ ২৩৩৩২১ গৰাকী ভোটাৰ আছে৷
Trending
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা
- আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস
- কাঁহিকুছিৰ উদ্যান শস্য গবেষণা কেন্দ্ৰৰ তত্বাবধানত পার্থেনিয়াম সজাগতা অভিযান
- অসমৰ কৰ্কট ৰোগীক সকাহ দিয়াৰ লক্ষ্যৰে মুম্বাইত অসমীয়া আৰু মহাৰাষ্ট্ৰৰ শিল্পী, সাহিত্যিকৰ সমন্বয় সভা – সাংস্কৃতিক অনুষ্ঠান সম্পন্ন