কামৰূপ মহানগৰ নিৰ্বাচন জিলাৰ ৩৩- দিছপুৰ,৩৪- ডিমৰীয়া (অনুসূচীত জাতি),৩৫- নিউ গুৱাহাটী,৩৬- গুৱাহাটী চেন্ট্ৰেল, ৩৭- জালুকবাৰী বিধানসভা সমষ্টিৰ বাবে খচৰা ফটো ভোটাৰ তালিকা আজি প্ৰকাশ পাইছে৷ জিলা নিৰ্বাচন বিষয়া সুমিত ছাত্তাৱানে এক প্ৰেছ বিবৃতিযোগে সদৰি কৰে যে ফটো ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী,২০২৪ৰ সৈতে সংগতি ৰাখি প্ৰকাশ কৰা খচৰা ফটো ভোটাৰ তালিকাখন ভোটাৰৰ নিৰীক্ষনৰ বাবে জিলা নিৰ্বাচন বিষয়াৰ কাৰ্যালয়,প্ৰতিটো সমষ্টিৰ ভোটাৰ পঞ্জীয়ন বিষয়াৰ কাৰ্যালয় আৰু ৪২২ টা নিৰ্দিষ্ট ভোটকেন্দ্ৰ স্থানত উপলব্ধ হ’ব৷ৰাইজে ২০২৪ বৰ্ষৰ ৮ জানুৱাৰীৰ ভিতৰত দাবী আৰু আপত্তি দাখিল কৰিব পাৰিব৷১৬ ডিচেম্বৰৰ পৰা ২২ জানুৱাৰীৰ ভিতৰত দাবী আৰু আপত্তিসমূহ নিষ্পত্তি কৰা হ’ব৷ ৮ ফেব্ৰুৱাৰীত চুড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব৷ নাগৰিকে তেওঁলোকৰ দাবী আৰু আপত্তিসমূহ সংশ্লিষ্ট ভোট কেন্দ্ৰ, সংশ্লিষ্ট বি এল অ’বা ভোটাৰ পঞ্জীয়ন বিষয়াৰ ওচৰত নিৰ্দিষ্ট প্ৰ-পত্ৰযোগে অফলাইন মাধ্যমেৰে বা www.nvsp.in আৰু ভোটাৰ হেল্প লাইন এপত অনলাইন মাধ্যমেৰে দাখিল কৰিব পাৰিব৷ আজি প্ৰকাশিত খচৰা ফটো ভোটাৰ তালিকা মতে জিলাখনৰ ৫টা বিধানসভা সমষ্টিৰ ১০২৩ টা ভোট কেন্দ্ৰত ৫১৫৭৯৬ গৰাকী পুৰুষ আৰু ৫০৯৬৭৫ গৰাকী মহিলা ভোটাৰসহ মুঠ ১০২৫৪৭১ গৰাকী ভোটাৰ আছে৷ইয়াৰে দিছপুৰ সমষ্টিৰ ২১৩ টা ভোট কেন্দ্ৰত ৮৪,৯৭৬ গৰাকী পুৰুষ আৰু ৮৪,৪২৪ গৰাকী মহিলা ভোটাৰসহ মুঠ ১৬৯৪০০ গৰাকী ভোটাৰ আছে৷ ডিমৰীয়া সমষ্টিৰ ২২৫ টা ভোট কেন্দ্ৰত ৯৭৭৫৮ গৰাকী পুৰুষ আৰু ৯১৫৯৮ গৰাকী মহিলা ভোটাৰসহ মুঠ ১৮৯৩৫৬ গৰাকী ভোটাৰ আছে৷ নিউ গুৱাহাটী সমষ্টিৰ ১৯৩ টা ভোট কেন্দ্ৰত ১১০৭০১ গৰাকী পুৰুষ আৰু ১০৫৫৪০ গৰাকী মহিলা ভোটাৰসহ মুঠ ২১৬২৪১ গৰাকী ভোটাৰ আছে৷ গুৱাহাটী চেন্ট্ৰেল সমষ্টিৰ ১৮২ টা ভোট কেন্দ্ৰত ১০৬০২৮ গৰাকী পুৰুষ আৰু ১১১১২৫ গৰাকী মহিলা ভোটাৰসহ মুঠ ২১৭১৫৩ গৰাকী ভোটাৰ আছে৷ জালুকবাৰী সমষ্টিৰ ২১০ টা ভোট কেন্দ্ৰত ১১৬৩৩৩ গৰাকী পুৰুষ আৰু ১১৬৯৮৮ গৰাকী মহিলা ভোটাৰসহ মুঠ ২৩৩৩২১ গৰাকী ভোটাৰ আছে৷
Trending
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী
- গুৱাহাটী বিশ্ববিদ্যালয়ত নৱাগত স্নাতকোত্তৰ শিক্ষাৰ্থী
- Assam Down Town University Holds an Interactive Session on Graphology Analysis
- Finance Minister Jayanta Mallabaruah Inspects Erosion Affected Jamuguri in Bihpuria- Directs Long-Term Protective Measures