পলাশবাৰী সমষ্টিৰ নহিৰা গুইমাৰা আঞ্চলিক হাইস্কুলত আজি প্ৰধান মন্ত্ৰী শ্ৰী আঁচনিৰ আধাৰশিলা স্থাপন কৰা হয়।প্ৰধানমন্ত্ৰী শ্ৰী আঁচনিৰ অনুমোদিত অতিৰিক্ত শ্ৰেণী কোঠাৰ কামৰ আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰে পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই। লগতে নহিৰা গুইমাৰা আঞ্চলিক হাইস্কুলৰ সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ এটি অস্থায়ী কাৰ্যালয় মুকলি কৰি বিধায়ক ঠাকুৰীয়াই বিদ্যালয়খনত ৰাজ্য চৰকাৰে পলাশবাৰী সমষ্টিত প্ৰথমটো প্ৰধানমন্ত্ৰী শ্ৰী আঁচনি প্ৰদান কৰা বুলি মন্তব্য কৰে।আগন্তুক সোণালী জয়ন্তী বৰ্ষ উদযাপন কাৰ্যসূচীত বিধায়ক গৰাকীয়ে পাৰ্যমানে সহায়-সহযোগিতা আগবঢ়াব বুলি মত প্ৰকাশ কৰে। বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি নয়ন মহন্ত,নহিৰা গাঁও পঞ্চায়তৰ সভাপতি মহেশ্বৰ ঠাকুৰীয়া, আঞ্চলিক সদস্য চন্দ্ৰকান্ত নাথৰ লগতে কেবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থকা অনুষ্ঠানত নহিৰা গুইমাৰা আঞ্চলিক হাইস্কুলৰ প্ৰধান শিক্ষক ধীৰেণ কুমাৰে বিধায়ক গৰাকীক ধন্যবাদ জ্ঞাপন কৰি আগন্তুক সময়ত বিদ্যালয়খনৰ উন্নতিৰ ক্ষেত্ৰত চকু দিবলৈ আহ্বান জনায়।উল্লেখ্য যে,অহা ২২ ডিচেম্বৰৰ পৰা ২৪ ডিচেম্বৰলৈ নহিৰা গুইমাৰা আঞ্চলিক হাইস্কুল খেলপথাৰত বিদ্যালয়খনৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰাৰ প্ৰস্তুতি তুংগত কৰি তুলিছে।
Trending
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা
- আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস
- কাঁহিকুছিৰ উদ্যান শস্য গবেষণা কেন্দ্ৰৰ তত্বাবধানত পার্থেনিয়াম সজাগতা অভিযান
- অসমৰ কৰ্কট ৰোগীক সকাহ দিয়াৰ লক্ষ্যৰে মুম্বাইত অসমীয়া আৰু মহাৰাষ্ট্ৰৰ শিল্পী, সাহিত্যিকৰ সমন্বয় সভা – সাংস্কৃতিক অনুষ্ঠান সম্পন্ন