সমাগত নতুন বছৰ,নতুন দিনৰ সপোন-সম্ভাৱনাকলৈ এতিয়া সকলোৱে যেন আশাবাদী, আনন্দ অভিলাষী ৷ সেয়ে আগন্তুক নৱবৰ্ষক দুৰ্ঘটনামুক্ত অৰ্থাৎ ৩১ডিচেম্বৰত কোনো পথ-দুৰ্ঘটনাই যাতে কোনো পৰিয়াললৈক দুঃসম্বাদ কঢ়িয়াই নানে তাৰবাবে দিনে-নিশাই পথ-সুৰক্ষা সজাগতা গঢ়ি তোলাৰ বাবে অভিযানত নামিছে পৰিবহণ বিভাগ।কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ উদ্যোগত আজি নাৰেঙ্গী চাৰিআলিত অনুষ্ঠিত হয় এক ব্যতিক্ৰমী সজাগতা অনুষ্ঠান। ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাস, জিলা পৰিবহণ বিষয়া (প্ৰৱৰ্তক) হিমাংশু কুমাৰ দাস,যানবাহন পৰিদৰ্শক জয়সিং ৰংফাৰ,কানাই মহন্ত, প্ৰৱৰ্তক পৰিদৰ্শক নিতু চেতিয়াকে ধৰি ট্ৰেফিক ইনচাৰ্জ, সাংবাদিক, গণ্যমান্য ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত সজাগতা অনুষ্ঠানটিত বছৰটোত অধিক পথ-দুৰ্ঘটনা সংঘটিত এই শীতকালৰ সময়চোৱাত অধিক সজাগ সচেতন হ’বলৈ সকলোৰে প্ৰতি আহ্বান জনোৱা হয় ৷ অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে চৌদিশ কুৱলীয়ে আবৃত কৰি ৰখা শীতকালৰ এই সময়চোৱাত সকলোকে গাড়ীৰ গতিবেগ সীমিত কৰি ৰাখিবলৈ আহ্বান জনায়। যদিহে অতিকৈ প্ৰয়োজন নহয় তেন্তে শীতকালৰ নিশা যাত্ৰা বৰ্জন কৰিবলৈ কয়।কিয়নো বছৰটোৰ জহকালৰ সময়তকৈ শীতকালত ৪০ শতাংশতকৈয়ো অধিক পথ দুৰ্ঘটনা সংঘটিত হয় বুলি তথ্য সদৰি কৰি পথত সুৰক্ষিত যাতায়াতৰ বাবে একান্তই সজাগতাৰ গত্যন্ত নাই বুলি তেওঁ মন্তব্য কৰে।অনুষ্ঠানত অংশগ্ৰহণ কৰি জিলা পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাসে নৱবৰ্ষৰ আনন্দৰ নামত কোনোৱে যাতে মদ্যপান কৰি আৰু অত্যধিক বেগত গাড়ী নচলায় তাৰবাবে সকলোকে সতৰ্ক কৰি দি সকলো সময়তে যানবাহন আইন মানি চলিবলৈ আহ্বান জনায়। মহানগৰীৰ গুৰুত্বপূৰ্ণ নাৰেঙ্গী চাৰিআলিত সমবেত অগণন ৰাইজৰ উপস্থিতিত অনুষ্ঠানটোত চন্দ্ৰশেখৰ দাসৰ ৰচনা-পৰিচালনাত “নেডফিমছ”ৰ শিল্পীসকলে বাটৰ নাট পৰিবেশন কৰি যানবাহন চলোৱাৰ সময়ত “পঞ্চসূত্ৰ”ৰ নিয়মসমূহ মানি চলিবলৈ আহ্বান জনায়।
Trending
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি
- NECTAR Celebrates National Science Day 2026 with Student Innovation Exhibition in Shillong
- বটদ্রৱাত শ্রীশ্রীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি সন্দৰ্ভত সংবাদমেল
- বাঁহৰ আ অলংকাৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান মুকলি