কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ এখন বৈঠক আজি জিলা আয়ুক্ত সুমিত ছাত্তাৱানৰ উপস্থিতিত জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়৷ বৈঠকখনত জিলাখনত চিনাক্ত দুৰ্ঘটনাৰ ব্লেক স্পটসমূহত ল’বলগীয়া সংশোধনীমূলক পদক্ষেপৰ বিষয়ে আলোচনা কৰা হয়৷ঘাইপথৰ মাজেৰে গৰু, ছাগলী আদি পাৰ হৈ যোৱাৰ ফলত দুৰ্ঘটনা সংঘটিত হোৱাৰ বিষয়টোত গুৰুত্ব দি জিলা আয়ুক্তই কয় যে গুৱাহাটী পৌৰ নিগম আৰু গাঁও পঞ্চায়তে এইক্ষেত্ৰত কঠোৰ পদক্ষেপ লব লাগিব৷ তেওঁলোকে ঘাইপথলৈ অহা গৰু, ছাগলী ধৰি পাউণ্ডত ৰাখিব আৰু গৰাকীক জৰিমনা বিহিব৷ এইক্ষেত্ৰত এখন নিৰ্দেশনা জাৰি কৰিবলৈ জিলা আয়ুক্তগৰাকীয়ে আৰক্ষীক কয়৷ আনহাতে দুৰ্ঘটনাপ্ৰৱন এলেকাত ঘাইপথৰ নিচেই কাষত বা পথ বিভাজকৰ ওপৰত হ’ৰ্ডিং আদি লগোৱা বা নিৰ্মাণকাৰ্য কৰাৰ পৰা বিৰত থাকিবলৈ তেওঁ সকলোকে আহ্বান জনায়৷ আনহাতে ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে সংযোগ হোৱা প্ৰতিটো পথত নিৰ্দিষ্ট দূৰত্বত দুটাকৈ গতিৰোধক লগাবলৈ জিলা আয়ুক্তগৰাকীয়ে পৰামৰ্শ দিয়ে৷ ৰাষ্ট্ৰীয় ঘাইপথত পথ বিভাজকৰ মাজেৰে বা পথ বিভাজক ভাঙি অকৰ্তৃত্বশীলভাৱে মানুহ বা যান-বাহন অহা যোৱাৰ বাবে কৰা ব্যৱস্থা তৎকালিনভাৱে বন্ধ কৰিবলৈ তেওঁ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক নিৰ্দেশ দিয়ে৷ আনহাতে নিৰ্মাণকাৰ্য চলি থকা স্থানৰ কাষেৰে মানুহ বা যান-বাহন অহা-যোৱা কৰাৰ ক্ষেত্ৰত লোৱা সুৰক্ষাজনিত ব্যৱস্থা নিশ্চিত কৰিবলৈ জিলা আয়ুক্তই লোক নিৰ্মাণ বিভাগ আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক নিৰ্দেশ দিয়ে৷ আজিৰ বৈঠকখনত অতিৰিক্ত জিলা আয়ুক্ত বিক্ৰম ছেত্ৰী, উপ আৰক্ষী আয়ুক্ত (যান বাহন শাখা) জয়ন্ত সাৰথি বৰা, সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাস, জিলা পৰিবহণ বিষয়া তথা আঞ্চলিক পৰিবহণ প্ৰাধিকাৰী হিমাংশু কুমাৰ দাস প্ৰমুখ্যে, আবকাৰী, গুৱাহাটী পৌৰ নিগম, লোক নিৰ্মাণ, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণকে ধৰি বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থাকে৷ জিলা পৰিবহণ বিষয়া গৌতম দাসে বিগত সময়চোৱাত জিলাখনত সংঘটিত পথ দুৰ্ঘটনাৰ পৰিসংখ্যা দাঙি ধৰে৷
Trending
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি
- পথিকৰ উদ্যোগত পদুমবড়ীত বিনামূলীয়া স্বাস্থ্য আৰু চকু পৰীক্ষা শিবিৰ সম্পন্ন
- কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত জালুকবাৰী থানা এলেকাৰ দুৰ্গা পূজা উদযাপন আৰু বিসৰ্জন বিষয়ক সভা সম্পন্ন