যোৱা ১০ বছৰৰ অভূতপূর্ব সফলতাৰ পিছত ৰাইজৰ বিপুল সমর্থনেৰে এইবেলিও এক অনন্য প্রস্তুতিৰে দক্ষিণ কামৰূপ ক্রিকেট ক্লাৱৰ উদ্যোগত ৩ জানুৱাৰীৰ পৰা ৭ জানুৱাৰীলৈকে পাঁচদিনীয়াকৈ এক্সপজাৰ কাপ-১১ দিবা-নৈশ টেনিছ বল ক্রিকেট প্রতিযোগিতাখনি অনুষ্ঠিত হৈছে। যোৱা কালি শুভ উদ্বোধনী উপলক্ষে সন্ধিয়া পতাকা উত্তোলন কৰে দক্ষিণ কামৰূপ ক্ৰিকেট ক্লাৱৰ সভাপতি জিতেন্দ্ৰ কুমাৰ দাসে, শিখা প্ৰজ্বলন কৰে সমাজ সেৱক দিগন্ত ঠাকুৰীয়াই, খেল উদ্বোধন সাসংদ কুইন ওজাই, উদ্বোধনী অনুষ্ঠানত ডাইনালুমৰ জ্যেষ্ঠ পৰিচালক বিকাশ কুমাৰ আগৰৱাল, বৰঝাৰ বিমান বন্দৰৰ মুখ্য পৰিচালক উৎপল বাদল বৰুৱা, বিমান বন্দৰৰ জনসম্পৰ্কৰক্ষী বিষয়া ৰুমা দেৱী কেওঁটৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ইয়াৰ পিছতে বিশেষ আকৰ্ষণ হিচাপে দক্ষিণ কামৰূপ ক্ৰিকেট ক্লাব আৰু দক্ষিণ কামৰূপৰ সাংবাদিক সকলৰ মাজত এখন প্ৰদৰ্শনীমূলক প্ৰীতিখেল অনুষ্ঠিত হয়। উত্তেজনা পূৰ্ণ খেলখনত দক্ষিণ কামৰূপ সাংবাদিকৰ দলে জয়লাভ কৰে। আকৰ্ষণীয় পুৰস্কাৰ থকা প্ৰতিযোগিতা খনত বিভিন্ন অঞ্চলৰ বহুকেইটা দলে অংশ গ্ৰহণ কৰে। পাঁচদিনীয়াকৈ অনুষ্ঠিত হোৱা খেলত ক্ৰীড়া প্ৰেমী ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিছে উদ্যোক্তা সকলে।
Trending
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন