ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আয়োজিত বিষ্ণু ৰাভা, জ্যোতি , ভূপেন্দ্ৰ আৰু ৰবীন্দ্ৰ সংগীত প্ৰতিযোগিতাত দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত হুদুমপুৰ গাঁৱৰ বাসিনদা চুমি কলিতাই জিলা পৰ্যায়ৰ ৰাভা সংগীতত প্ৰথম আৰু ভূপেন্দ্ৰ সংগীতত দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়।উল্লেখ্য যে ৰাজ্য চৰকাৰৰ দ্বাৰা আয়োজিত এই প্ৰতিযোগিতাসমূহৰ মূল উদ্দেশ্য হ’ল গাঁৱে -ভূঞে,চহৰে – নগৰে,পাহাৰে – ভৈয়ামে থকা শিল্পী সকলৰ প্ৰতিভাসমূহ বিকাশ কৰা।উক্ত প্ৰতিযোগিতাসমূহ প্ৰথম পৰ্যায়ত পঞ্চায়ত ভিত্তিত অনুষ্ঠিত হৈ যোৱা ১৭ আৰু ১৮ জানুৱাৰীত দদৰাৰ ভৃগু কুমাৰ ফুকন প্ৰেক্ষাগৃহত জিলা ভিত্তিত প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হয়।জিলা পৰ্যায়ৰ প্ৰতিোগিতাত স্থান লাভ কৰা পলাশবাৰীৰ চুমি কলিতাক কালি কামৰূপ জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত আৰু জিলা উন্নয়ন আয়ুক্তৰ উপস্থিতিত বঁটাসমূহ প্ৰদান কৰে।ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাসমূহ অচিৰেই অনুষ্ঠিত কৰা হ’ব বুলি জানিব পৰা গৈছে। চুমি কলিতা প্ৰধান শিক্ষক তথা সমাজকৰ্মী অনিল কলিতা আৰু চিত্ৰা কলিতাৰ জীয়ৰী। চুমি কলিতাৰ এই সাফল্যত দক্ষিণ কামৰূপৰ বহু সংখ্যক দল- সংগঠনে শুভেচ্ছা জ্ঞাপন কৰিছে।
Trending
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি
- NECTAR Celebrates National Science Day 2026 with Student Innovation Exhibition in Shillong
- বটদ্রৱাত শ্রীশ্রীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি সন্দৰ্ভত সংবাদমেল
- বাঁহৰ আ অলংকাৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান মুকলি
- গুৱাহাটীত এইচ ডি এফ চি বেংকে নতুনকৈ মুকলি কৰিলে প্ৰযুক্তি আৰু ডিজিটেল ফেক্টৰী
- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে-৮২ খন ১০৮ মৃত্যুঞ্জয় এম্বুলেন্স সেৱাৰ ফ্লেগ অফ কৰে