লাহৰীঘাটত ১৪,০৭৯ টা পৰিয়ালৰ মাজত নতুনকৈ ৰেচন কাৰ্ড বিতৰণ

0 115

জলসম্পদ,সংসদীয় পৰিক্ৰমা,তথ্য আৰু জনসংযোগ ইত্যাদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি মৰিগাঁও জিলাৰ অন্তৰ্গত লাহৰীঘাটত এক অনুষ্ঠানত লাহৰীঘাট সমষ্টিৰ অধীনত নতুনকৈ ৰেচন কাৰ্ড লাভ কৰা পৰিয়ালসমূহলৈ আনুষ্ঠানিকভাৱে ৰেচন কাৰ্ড বিতৰণ কৰে।উল্লেখ্য যে সমগ্ৰ ৰাজ্যখনতে খাদ্য,ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অধীনত নতুনকৈ ৰেচন কাৰ্ড লাভ কৰা পৰিয়ালসমূহক যোৱা ১৬ জানুৱাৰীৰ পৰা ৰেচন কাৰ্ড প্ৰদান কৰি অহা হৈছে।ইয়াৰ অংশ হিচাপে লাহৰীঘাটত জলসম্পদ মন্ত্ৰীগৰাকীৰ উপস্থিতিত আয়োজিত অনুষ্ঠানত সমষ্টিটোৰ ১৪,০৭৯ টা পৰিয়ালক নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰা হয়।ইয়াৰ জৰিয়তে নতুনকৈ মুঠ ৩৫,২২৭ গৰাকী হিতাধিকাৰী উপকৃত হ’ব।আজিৰ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি মন্ত্ৰী হাজৰীকাই কয় যে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত চৰকাৰে সৰ্বসাধাৰণৰ ভোক আৰু পুষ্টিহীনতা নিবাৰণৰ দ্বাৰা দেশত সামাজিক ন্যায় প্ৰতিষ্ঠাৰ ক্ষেত্ৰত যথেষ্ট সফলতা লাভ কৰিছে । খাদ্য সুৰক্ষা আইনৰ অধীনত অন্ত্যোদয়া অন্ন যোজনা কাৰ্ড আৰু অগ্ৰাধিকাৰ প্ৰাপ্ত পৰিয়াল কাৰ্ডৰ জড়িয়তে পৰিয়ালে প্ৰতি মাহে ৩৫ কিল’গ্ৰামকৈ আৰু সদস্যই প্ৰতি মাহে ৫ কিল’গ্ৰামকৈ চাউল লাভ কৰে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰতি মাহৰ ১০ তাৰিখৰ ভিতৰত এই চাউল হিতাধিকাৰীসকলে লাভ কৰে । আনহাতে ৰেচন কাৰ্ড লাভ কৰা পৰিয়ালসমূহে আয়ুষ্মান আঁচনিৰ অধীনত বছৰি ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা সেৱা আৰু উজ্জ্বলা আঁচনিৰ অধীনতো সুবিধা লাভ কৰিব পাৰিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে সমাজৰ উন্নয়ন আৰু কল্যাণৰ হকে আন্তৰিকতাৰে কাম কৰি আছে বুলি উল্লেখ কৰি জলসম্পদ মন্ত্ৰীগৰাকীয়ে সকলোকে চৰকাৰী আঁচনিৰ সুবিধাসমূহ গ্ৰহণ কৰিবলৈ আহ্বান জনায় । আনহাতে অসমত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰে সম্পূৰ্ণ প্ৰতিশ্ৰুতি অনুসৰি কাম কৰি আছে বুলি ভাষণ প্ৰসংগত মন্ত্ৰী হাজৰীকাই উল্লেখ কৰে । তেওঁ আৰু কয় যে আগতে কেতিয়াও ভাৱিব নোৱাৰা সম্পূৰ্ণ নিকা প্ৰক্ৰিয়াৰে বৰ্তমানৰ চৰকাৰখনে প্ৰায় ৮৮,০০০ যুৱক-যুৱতীক চৰকাৰী নিযুক্তি প্ৰদান কৰিছে । এসময়ত অসমৰ এখন অন্যতম বানাক্ৰান্ত জিলা হিচাপে পৰিচিত মৰিগাঁও জিলাখন বিগত বৰ্ষত বানে আক্ৰান্ত কৰিব পৰা নাছিল বুলি মন্তব্য কৰি জলসম্পদ মন্ত্ৰীগৰাকীয়ে কয় যে ড° হিমন্ত বিশ্ব শৰ্মাৰ আন্তৰিক ইচ্ছাত জলসম্পদ বিভাগে লাহৰীঘাটত ব্ৰহ্মপুত্ৰৰ পাৰত মথাউৰি নিৰ্মাণ কৰিছে । আনহাতে লাহৰীঘাট সমষ্টিত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰোধৰ বাবেও জলসম্পদ বিভাগে দিনে নিশাই কাম কৰে বুলি মন্ত্ৰী হাজৰীকাই উল্লেখ কৰে । মন্ত্ৰীগৰাকীয়ে কয় যে যেনেদৰে কেৱল গুৱাহাটী অথবা দুখনমান চহৰ উন্নয়ন হ’লেই সমগ্ৰ ৰাজ্যখন উন্নয়ন হোৱাটো নুবুজায় তেনেদৰে কেৱল জাগীৰোড সমষ্টিৰ উন্নয়ন হ’লেই মৰিগাঁও জিলাৰ উন্নয়ন হোৱাটো নুবুজাব ।জিলাখনৰ উন্নয়ন হ’বৰ বাবে জাগীৰোডৰ সমানে সমানে লাহৰীঘাটৰো উন্নয়ন হ’ব লাগিব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বত ৰাজ্য চৰকাৰে ৰাজ্যখনক দেশৰ অন্যতম উন্নত ৰাজ্যলৈ ৰূপান্তৰিত কৰিবলৈ অহৰহ কাম কৰি আছে ।

প্ৰণিধানযোগ্য যে খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অধীনত ৰাজ্যখনত নতুনকৈ প্ৰায় ৪০ লাখ লোকক সামৰি প্ৰায় ১০ লাখ পৰিয়াললৈ ৰেচন কাৰ্ড প্ৰদানৰ ব্যৱস্থা কৰা হৈছে।

Leave A Reply

Your email address will not be published.