মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ উদ্যোগত শিক্ষাৰ ক্ষেত্ৰত যোগৰ প্ৰাসংগিকতা ‘ শীৰ্ষক বিষয়ত যোৱা ২৭ মাৰ্চ তাৰিখৰ পৰা ২৮ মাৰ্চলৈ দুদিনীয়া কাৰ্য্যসূচীৰে ৰাষ্ট্ৰীয় আলোচনা চক্ৰ অনুষ্ঠিত হয় ৷ এই আলোচনা চক্ৰৰ উদ্বোধনী অনুষ্ঠানত অসম যোগৰত্ন সন্মান যোগাচাৰ্য শুভাশীষ ক’ৰলৈ দীৰ্ঘদিন ধৰি উত্তৰ-পূৰ্বঞ্চালৰ বিভিন্ন ক্ষেত্ৰত যোগৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত আগবঢ়োৱা বিশেষ অৱদানৰ বাবে প্ৰদান কৰা হয় । এই বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰে মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মৃদুল হাজৰিকাই । যোগাচাৰ্য শুভাশীষ ক’ৰে ১৯৭৮ চনত উমাচল যোগ কেন্দ্ৰত স্বামী শিবানন্দ সৰস্বতীৰ তত্বাবধানত যোগ শিক্ষা গ্ৰহণ কৰি ১৯৭৯ চনত ভাৰতীয় যোগ সংস্কৃতি আৰু যোগ চিকিৎসা কেন্দ্ৰ প্ৰতিষ্ঠা কৰি কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত কায়াযোগী ডিপ্লমা, যোগৰ স্নাতকোত্তৰ ডিপ্লমা আদি শিক্ষা প্ৰদান কৰি ইতিমধ্যে যোগ শিক্ষাৰ এক বলিষ্ঠ ভেটি গঢ়ি তুলিছে ৷ অসমৰ বিভিন্ন প্ৰান্তৰ যুৱক-যুৱতীয়ে এই শিক্ষা গ্ৰহণ কৰি বিভিন্ন কেন্দ্ৰীয় বিদ্যালয় আৰু আয়ুস মন্ত্ৰণালয় অধীনত বিভিন্ন পদত মকৰল পাবলৈ সক্ষম হৈছে ৷ ইতিমধ্যে যোগাচাৰ্য শুভাশীষ ক’ৰৰ প্ৰত্যক্ষ উদ্যোগত অসমৰ বিভিন্ন জিলাত ৩৫ খনৰো অধিক যোগ শিক্ষা প্ৰতিষ্ঠান গঢ়ি উঠিছে ৷ ভাৰতীয় যোগ সংস্কৃতি আৰু যোগ চিকিৎসা কেন্দ্ৰৰ প্ৰতিষ্ঠাপক সভাপতি যোগাচাৰ্য শুভাশীষ ক’ৰে ২০০৭ চনতেই আৰম্ভ কৰা অসম যোগ দিৱস উদযাপন আৰু ২০১৫ চনৰ পৰা অসম যোগ মহোৎসৱ অসমৰ বিভিন্ন জিলাত অনুষ্ঠিত কৰি প্ৰতিবছৰে এগৰাকী বিশেষ ব্যক্তিক যোগৰ ক্ষেত্ৰত আগবঢ়োৱা বিশেষ অৱদানৰ বাবে ‘ স্বামী শিৱানন্দ সৰস্বতী যোগ প্ৰেৰণা বঁটা’ আৰু যোগৰ পাৰদৰ্শিতা প্ৰসাৰ আৰু প্ৰচাৰ আদি বিষয়ত আগবঢ়োৱা বিশেষ অৰিহণাৰ বাবে বহুজন যোগ সংগঠক, পাৰদৰ্শী আৰু প্ৰচাৰকলৈ যোগ শীৰ্ষক বিভিন্ন বঁটা প্ৰদান কৰি সমগ্ৰ উত্তৰ-পূৰ্বঞ্চালতে যোগৰ এক সুকীয়া বাতাবৰণ সৃষ্টি কৰিবলৈ সক্ষম হৈছে ৷ অসম যোগৰত্ন সন্মান লাভ কৰা যোগাচাৰ্য শুভাশীষ ক’ৰলৈ বিভিন্ন জন আৰু প্ৰতিষ্ঠানে অভিনন্দন জনাইছে৷
Trending
- এয়াৰটেলৰ সৈতে ইউটিউবৰ অংশীদাৰিত্ব: প্ৰিপেইড গ্ৰাহকৰ বাবে ইউটিউব প্ৰিমিয়ামৰ সুবিধা
- পৰিৱেশ সংৰক্ষণৰ লক্ষ্যৰে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ১২ খনতকৈ অধিক যাত্ৰীবাহী ৰে’ল বৈদ্যুতিক ট্রেকচনলৈ পৰিবৰ্তন
- সতৰ্কতা সজাগতা অভিযানত পথিকৰ উদ্যোগত চি আৰ পি এফৰ গুৱাহাটী গ্ৰুপ চেণ্টাৰত বাটৰ নাট প্ৰদৰ্শন
- দিহানামক বিশ্বৰ দৰবাৰলৈ নিয়াৰ লক্ষ্যৰে সমন্বয়ৰ বার্তা বিলাইছে জালুকবাৰীৰ খানামুখৰ জ্ঞানমালিনী বিকশিত নামতি দলে
- Sainik school Goalpara crowned Assam State champion of WWFs wild wisdom Global challenge
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য