প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ কাইলৈ অসমত উপস্থিত হ’ব পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান । দুদিনীয়া কাৰ্যসূচীৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব পঞ্জাবৰ আম আদমী পাৰ্টিৰ চৰকাৰৰ মুখ্যমন্ত্ৰী গৰাকী। আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ প্ৰচাৰৰ বাবে তিনিচুকীয়া জিলাৰ টিংৰাইত নিৰ্বাচনী সমাবেশত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী মানে। দুপৰীয়া ১ বজাত টিংৰাইৰ বঙালী বালিজানত অনুষ্ঠিত হ’ব নিৰ্বাচনী সমাবেশ। দ্বিতীয় দিনা অৰ্থাৎ ১৩ এপ্ৰিলত বিশ্বনাথ চাৰিআলিত ৰোড শ্ব’ত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ভগৱন্ত মানে। দিনৰ ১২ বজাত অনুষ্ঠিত হ’ব ৰোড শ্ব’ কাৰ্যসূচী ।দলৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্যৰ নিৰ্বাচনী প্ৰচাৰৰ হকে অনুষ্ঠিত হ’বলগীয়া ৰোড শ্ব’ কাৰ্যসূচী মুকলি কৰিব পঞ্জাবৰ মুখ্যমন্ত্ৰী গৰাকীয়ে। ১৩ তাৰিখ শনিবাৰে সামৰণি পৰিব মুখ্যমন্ত্ৰী মানৰ দুদিনীয়া ভ্ৰমণসূচী। মুখ্যমন্ত্ৰী মানৰ এই দুদিনীয়া ভ্ৰমণসূচীৰ বিষয়ে সংবাদ মাধ্যমক অৱগত কৰে আপৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাই । উল্লেখ্য যে আপৰ ৰাষ্ট্ৰীয় নেত্ৰী তথা দিল্লীৰ শিক্ষামন্ত্ৰী আতিশীৰ তিনিদিনীয়া ভ্ৰমণসূচী তথা নিৰ্বাচনী প্ৰচাৰে অসমবাসীৰ পৰা ব্যাপক সঁহাৰি লাভৰ পাছতে অসমলৈ আহি আছে পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান।
Trending
- আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটি আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ গোস্বামীলৈ বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন
- ধাৰাপুৰত দীক্ষা যোগ কেন্দ্ৰৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস উদযাপন
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা