আজি দীনজ্যোতি ফাউণ্ডেশ্যণৰ উদ্যোগত দিন যোৰা কাৰ্যসূচীৰে বিশ্ব শ্ৰমিক দিৱস উৎযাপন কৰা হয় ।দিৱসৰ লগত সংগতি ৰাখি ফাউণ্ডেশ্যনটোৰ সদস্য সকলে গুৱাহাটীস্থিত ঐতিয্য মণ্ডিত বশিষ্ঠ মন্দিৰ দেৱালয়ৰ চৌহদত স্বচ্ছতা অভিযান চলায়। দেৱালয়ৰ প্ৰাংগনৰ য’তে ত’তে পৰি থকা আৱৰ্জনা বোৰ নিজ হাতেৰে ঝাডু মাৰি পৰিস্কাৰ কৰে। অনাগত দিনবোৰতো যাতে দেৱালয়ৰ চৌহদ পৰিস্কাৰ হৈ থাকে আৰু দৰ্শনৰ বাবে অহা ভক্তসকলৰ মাজত পৰিস্কাৰৰ প্ৰতি সজাগতা আনিব পাৰি ,তাৰ প্ৰতি লক্ষ্য ৰাখি ফাউণ্ডেশ্যনটোৰ তৰফৰ পৰা দেৱালয়ৰ কৰ্তৃপক্ষক ডাচবিন প্ৰদান কৰা হয় ।এই সন্দৰ্ভত ফাউণ্ডেশ্যনটোৰ সঞ্চালিকা চুমী ৰহমানে কয় যে, এয়া স্বচ্ছতাৰ সমান্তৰাল ভাবে সজাগতাৰ দিশে এক ক্ষুদ্ৰ প্ৰয়াস মাথো। শ্ৰমিক দিৱস উপলক্ষে আয়োজিত সমগ্ৰ কাৰ্যসূচীত ফাউণ্ডেশ্যনটোৰ সদস্যবৃন্দ -মধুস্মিতা বৰা দাস ,ৰঞ্জিতা হাজৰিকা,অনামিকা চৌধুৰী,চৈয়দা আঞ্জুআৰা বেগম,পল্লবী হাজৰিকা,ঝিলি দাস,দিপ্তী পাঠক,কুমাৰীকা গোস্বামী,ৰেছমা বেগম,ৰেজিনা বেগম ,ৰিনা বেগম,জয়শ্ৰী মৰল,আৰু ৰিমজিম তালুকদাৰে হাতে কামে লাগি অনুষ্ঠানতো সাফল্য মণ্ডিত কৰাত সহযোগ আগবঢ়ায়।এই ক্ষেত্ৰত তেওঁলোকক সহযোগিতা আগবঢ়োৱা দুগৰাকী শ্ৰমিক মহিলাক উক্ত স্থানতে ফাউণ্ডেশ্যনৰ তৰফৰ পৰা গামোচা, মানপত্ৰ আৰু নগদ ধনৰ টোপোলাৰে সম্বৰ্ধনা জনোৱা হয়।
Trending
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ