আমাৰ ভৱিষ্যত আমাৰ ভূমি, পুনৰুদ্ধাৰৰ প্ৰজন্ম আমি মূলমন্ত্ৰলৈ সমগ্ৰ বিশ্বতে ৫ জুন তাৰিখে উদযাপিত হোৱা পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি সপ্তাহযোৰা কাৰ্যসূচীৰে মহানগৰৰ চছলস্থিত নন্দী মিকিৰ প্ৰাথমিক বিদ্যালয়ে পৰিৱেশ দিৱসৰ আয়োজন কৰিছে৷কাৰ্যসূচীৰ অংশ হিচাপে ৫ জুন তাৰিখে বিদ্যালয়ৰ চৌহদত অৰ্ধ শতাধিক বিভিন্ন প্ৰজাতিৰ গছপুলি ৰোপন কৰে। লগতে এক সজাগতা সভাৰ আয়োজন কৰে ৷৬ জুন আৰু ৭ জুন তাৰিখে বিদ্যালয়ৰ কণমানি ছাত্ৰ-ছাত্ৰীসকলে ছয়মাইল চছলৰ বিভিন্ন স্থানত পৰিৱেশ সংৰক্ষণ আৰু সচেতনতা শীৰ্ষক আকৰ্ষণীয় বাটৰ নাট প্ৰদৰ্শন কৰি উপস্থিত ৰাইজক মোহাচ্ছন্ন কৰি তোলে ৷ উপস্থিত ৰাইজে কণমানিসকলৰ বাটৰ নাটক ভূয়সী প্ৰশংসা কৰে ৷ সপ্তাহযোৰা কাৰ্যসূচীৰ ৮ জুন তাৰিখে বিদ্যালয়ৰ প্ৰাংগনত পেলনীয়া সামগ্ৰীৰে প্ৰস্তুত কৰা বিভিন্ন আটকধুনীয়া সামগ্ৰীৰ প্ৰদৰ্শনী আয়োজন কৰে৷ছাত্ৰ-ছাত্ৰীয়ে প্ৰস্তুত কৰি উলিওৱা প্ৰদৰ্শনী প্ৰতিযোগিতাৰ বিচাৰক হিচাপে বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি দেবানন্দ টেৰণ, সাংস্কৃতিক সংগঠক ধনঞ্জয় তালুকদাৰ আৰু সমাজকৰ্মী প্ৰশান্ত শইকীয়াই অংশগ্ৰহণ কৰে ৷ প্ৰদৰ্শনী প্ৰতিযোগিতাত যথাক্ৰমে চাকিবুল হুছেইন, পাৰবিন চুলতানা আৰু মাজনী খাটুনে প্ৰথম স্থান, শুব্ৰত বৰ্মন, নাজিমুল ইছলাম আৰু তান্তিয়া টফীয়ে দ্বিতীয় স্থান আৰু সংগীতা সিনহা, নাৰ্জিহানা খাটুন, নিশামণি দাস আৰু ৰঞ্জন শ্বেখে তৃতীয় স্থান লাভ কৰে ৷ বিদ্যালয়ৰ প্ৰধান শিক্ষক অবণী শৰ্মা আৰু বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ তত্বাবধানত অনুষ্ঠিত সপ্তাহযোৰা কাৰ্যসূচীৰ অহা ১২ জুন তাৰিখে সামৰণি অনুষ্ঠান অনুষ্ঠিত হ’ব আৰু এই অনুষ্ঠানতে বঁটা বিজয়ী ছাত্ৰ-ছাত্ৰীসকলক বঁটা প্ৰদানৰ লগতে বাটৰ নাটৰ শিল্পী ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হ’ব বুলি বিদ্যালয়ৰ প্ৰধান শিক্ষকে জানিবলৈ দিয়ে ৷
Trending
- পাঞ্জাবাৰীৰ বতাহঘুলি বৰ নামঘৰৰ সিংহদ্বাৰ মুকলি
- কামৰূপ( ম) জিলাৰ ১৭ বছৰ অনুৰ্দ্ধৰ আন্ত:বিদ্যালয় ফুটবল প্ৰতিযোগিতাৰ সফল সামৰণি
- তামুলপুৰত নিতি আয়োগৰ সম্পূৰ্ণতা অভিযানৰ শুভাৰম্ভ
- বাহকজনিত ৰোগ প্ৰতিৰোধ সন্দৰ্ভত কামৰূপ(ম)জিলা টাস্ক ফ’ৰ্চৰ বৈঠক
- বৰাকৰ বিকল্প পথৰ বাবে গাডকাৰীক পৰামৰ্শ সাংসদ সুস্মিতা দেৱৰ
- গুৱাহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ মহৎ পদক্ষেপ : এক পেৰ মা কে নাম
- নিৰ্বাচনী প্ৰচাৰৰ সময়ত দিয়া প্ৰতিশ্ৰুতি অনুসৰিয়েই এইবাৰ মাজুলীৰ লুইত খাবলুত ১২ ৰ পৰা ১৭ কিল’মিটাৰ দৈৰ্ঘ্যৰ মথাউৰি নিৰ্মাণ কৰা হ’ব: মন্ত্ৰী হাজৰীকা
- শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাৰ বান পৰিস্থিতি পৰ্যবেক্ষণ-উদ্যোগ মন্ত্ৰী বিমল বৰাৰ
- গুৱাহাটী প্ৰেছ ক্লাবত সাংবাদিকৰ স্বাস্থ্য আৰু চকু পৰীক্ষা শিবিৰ সম্পন্ন
- নুমলীগড়ৰ মহুৰামুখত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত ছিগা মথাউৰি পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ