আজি তামুলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই জিলাখনৰ বিভিন্ন বিভাগৰ উন্নয়নৰ খতিয়ান লোৱাৰ কথা আছিল যদিও ৰাজ্যপালগৰাকীৰ বিশেষ অসুবিধাবশতঃ আজিৰ পৰ্যালোচনা বৈঠকখন স্থগিত ৰাখিবলগা হয়। অৱশ্যে জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীয়ে উপস্থিত বিভিন্ন বিভাগৰ বিষয়াসকলৰ পৰা উন্নয়নমূলক কিছু কামৰ খতিয়ান লয়। জিলা আয়ুক্তগৰাকীয়ে সকলো বিভাগৰ কামবোৰ যাতে নিয়াৰিকৈ হয়, তাৰ প্ৰতি লক্ষ্য ৰাখি নিজা নিজাকৈ বিভাগৰ মাজতে পুনৰ কামবোৰৰ পৰ্যালোচনা কৰিবলৈ আহ্বান জনায়। “জনসাধাৰণক সেৱা আগবঢ়োৱাটো আমাৰ সকলোৰে দায়িত্ব বুলি জিলা আয়ুক্তগৰাকীয়ে বিষয়াসকলক উনুকিয়াই দিয়ে। তেখেতে উদ্যোগ, স্বাস্থ্য, মীন, সমাজকল্যাণ, লোকনিৰ্মাণ, পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন, হস্ততাঁত বস্ত্ৰ, ৰেচম আদি বিভাগৰ বিষয়াসকলৰ উপৰিও একাংশ এন জি অ’ৰ প্ৰতিনিধিৰ লগত আলোচনাত মিলিত হয়। আজিৰ সভাখনত জিলা আয়ুক্তগৰাকীৰ লগতে অতিৰিক্ত আয়ুক্তদ্বয় ডঃ দীপাংকৰ নাথ আৰু হেমাশ্ৰী খনিকৰ, সহকাৰী আয়ুক্তদ্বয় হিতেশ বড়ো আৰু কবিতা ফাংছ, বিভিন্ন বিভাগৰ বিষয়াসকলৰ উপৰি একাংশ এন জি অ’ৰ প্ৰতিনিধি উপস্থিত থাকে।
Trending
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন