কৰিমগঞ্জত এক গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্রহণ মন্ত্ৰী পিযুষ হাজৰিকা

0 77

আজি কৰিমগঞ্জ জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলাখনৰ অভিভাৱক মন্ত্ৰী পিযুষ হাজৰিকাই এখন পৰ্যালোচনা বৈঠকত অংশগ্রহণ কৰে।বৈঠকত অংশগ্রহণ কৰি জিলাখনৰ প্ৰতিটো বিভাগৰে কামৰ খতিয়ান লয়। বৈঠকত জিলাখনৰ বান-খহনীয়া সমস্যা সন্দৰ্ভত আলোচনা কৰি বান নিয়ন্ত্ৰণৰ বাবে ল’বলগীয়া পদক্ষেপসমূহৰ বিষয়ে আলোচনা কৰে। মন কৰিবলগীয়া যে প্ৰথম অৱস্থাত কৰিমগঞ্জ জিলাত ১৫ৰ পৰা ২০ কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰা হ’ব। ইয়াৰ বাবে জলসম্পদ বিভাগক অধ্যয়ন কৰি সঠিক পৰিকল্পনা প্ৰস্তুত কৰিবলৈ মন্ত্রী গৰাকীয়ে নিৰ্দেশ দিয়ে। আনহাতে আশ্ৰয় শিবিৰৰ পৰিস্থিতি সন্দৰ্ভতো বৈঠকত আলোচনা কৰি বানাক্ৰান্তৰ বাবে খাদ্য, পশুখাদ্য, চিকিৎসাজনিত সুবিধাসমূহ সঠিককৈ প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে। বানপানীৰ পাছত বানাক্ৰান্ত লোকসকলক পুনৰসংস্থাপন দিয়া সন্দৰ্ভতো আলোচনা কৰে আৰু বানপানীৰ সৈতে জড়িত অন্যান্য বিভাগসমূহৰ কামসমূহৰো পৰ্যালোচনা কৰে। এইবাৰ জিলাখনত প্ৰায় আঢ়ৈ লাখ মানুহ বানত আক্ৰান্ত হৈছে। বানাক্ৰান্ত লোকসকলক সকলো সেৱা-সুবিধা নিয়মীয়াকৈ প্ৰদান কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে।

আজিৰ পৰ্যালোচনা বৈঠকত ভূমিস্খলনত মৃত্যু হোৱা লোকৰ পৰিয়ালক ক্ষতিপূৰণ হিচাপে আৰ্থিক সাহায্যৰ চেক বিতৰণ কৰা হয়।আজিৰ এই পৰ্যালোচনা বৈঠকত বিধায়ক কৌশিক ৰায়, কৃষ্ণেন্দু পাল,বিজয় মালাকাৰ,কমলাক্ষ্য দে’পুৰকায়স্থ,ছিদ্দেক আহমেদ লগতে অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ মিছন ৰঞ্জন দাস,কৰিমগঞ্জ জিলা বিজেপিৰ সভাপতি সুব্ৰত ভট্টাচাৰ্য ,জিলা আয়ুক্ত, জিলা আৰক্ষী অধীক্ষকসহ জিলাখনৰ সকলো বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.