আজি অসম স্বাস্থ্য সেৱা সমবায় সমিতিৰ উদ্যোগত আৰু মাৰোৱাৰী মাল্টিস্পেচিয়েলিটি হস্পিটেলৰ সহযোগত গুৱাহাটী প্ৰেছ ক্লাবত সাংবাদিকসকলৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে মধুমেহ আৰু ৰক্তচাপ পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়। উক্ত শিবিৰত মাৰোৱাৰী মাল্টিস্পেচিয়েলিটি হস্পিটেলৰ অভিজ্ঞ চিকিৎসক বিদ্যুত বিকাশ চৌধুৰী আৰু চিকিৎসা কৰ্মীয়ে সেৱা আগবঢ়ায়৷ ইয়াৰ লগতে চকু পৰীক্ষা কৰে চাইট ফাৰ্ষ্ট চকু চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক ডাঃ বিজুলী গোস্বামীয়ে৷ অসম স্বাস্থ্য সেৱা সমবায় সমিতিৰ হৈ উপস্থিত থাকে উপাধ্যক্ষ জগদীশ শৰ্মা, সঞ্চালক প্ৰেমকান্ত চৌধুৰী, প্ৰশাসনিক কাৰ্যবাহ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য৷ ভট্টাচাৰ্যই জনায় যে সমবায় সমিতিৰ দ্বাৰা প্ৰদান কৰা সেৱা য’ত ৫০০ টকা ভৰ্তি মাচুলত আজীৱন ৪০ শতাংশ যিকোনো পৰীক্ষাত ৰেহাইৰ সুবিধা সাংবাদিকসকলে গ্ৰহণ কৰিব পাৰে৷ উল্লেখযোগ্য যে আজি ৭৫গৰাকী সাংবাদিকে এই শিবিৰত চকু আৰু স্বাস্থ্য পৰীক্ষা কৰায়৷
Trending
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা