ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ উদ্যোগত আজি কামৰূপ মহানগৰ জিলা আয়ুক্তৰ সভাকক্ষত অতিৰিক্ত জিলা আয়ুক্ত (স্বাস্থ্য )ত্ৰিদিব কোঁৱৰৰ অধ্যক্ষতাত বাহকজনিত ৰোগৰ টাস্ক ফ’ৰ্চৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয় ।সভাত অতিৰিক্ত জিলা আয়ুক্তগৰাকীয়ে কয় যে নলা-নৰ্দমাসমূহ অপৰিস্কাৰৰ ফলত মহৰ উপদ্ৰব বাঢ়ে। ইয়াৰ ফলত ডেংগু,মেলেৰিয়া ,জাপানীজ এনকেফেলাইটিছ তথা অন্যান্য বাহকজনিত ৰোগৰ প্ৰাৰ্দুভাৱ হয় ।বাহকজনিত ৰোগৰ প্ৰতিৰোধৰ বাবে সজাগতামূলক প্ৰচাৰৰ লগতে সংক্ৰমিত হ’ব পৰা ঠাইসমূহত নিয়মিত ধোৱা দিয়া (“ফগিং” ) ব্যবস্হাত গুৰুত্ব আৰোপ কৰে । তদুপৰি আগন্তুক দিনত যাতে বাহকজনিত ৰোগ হ’ব নোৱাৰে তাৰ বাবে সংশ্লিষ্ট বিভাগসমূহক যাৱতীয় সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়ে। আজিৰ এই বৈঠকত জিলা স্বাস্হ্য সেৱাৰ যুটীয়া সঞ্চালক, মহিলা আৰু শিশু উন্নয়ন , মেলেৰিয়া,পশুপালন আৰু পশু চিকিৎসা,জিলা তথ্য আৰু জনসংযোগ,কৃষি বিভাগৰ প্ৰতিনিধিসহ অন্যান্য সংশ্লিষ্ট বিভাগৰ প্ৰতিনিধিসকল উপস্থিত থাকে ।
Trending
- এ ইউ আই ডি এফ চি এল-ৰ পৰিচালনা পৰিষদৰ ১৪ সংখ্যক বৈঠক অনুষ্ঠিত
- দিছপুৰত মুখ্যমন্ত্ৰীৰে সৌহাৰ্দপূৰ্ণ আলোচনা অসম বাৰ্তাজীৱী সংঘৰ
- অসমত ৰপ্তানি সুবিধা কেন্দ্র স্হাপনৰ বাবে কেন্দ্রক আহ্বান উদ্যোগ মন্ত্ৰী বিমল বড়াৰ
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলৰ মুৰব্বী হিচাপে প্ৰথমজন অসমীয়া মনোজ কুমাৰ শৰ্মা বৰদলৈৰ কাৰ্যভাৰ গ্ৰহণ
- আই এ এছ এছ টি, গুৱাহাটীত প্লাজমা পদার্থবিজ্ঞান গৱেষকৰ তিনিদিনীয়া অধিৱেশনৰ আয়োজন
- তিনিচুকীয়াত স্বাস্থ্য সেৱাৰ পৰ্যালোচনা, তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ নতুন ৰক্ত ভাণ্ডাৰৰ শুভ উদ্বোধন
- অসম চৰকাৰৰ বন বিভাগৰ ৰাজহ বৃদ্ধিত অৰিহণা যোগাই আহিছে এমট্রনৰ পৰ্টেলে – অধ্যক্ষ ৰমেন্দ্ৰ নাৰায়ণ কলিতা
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ তথ্য প্ৰযুক্তি বিভাগৰ উদ্যোগত কৃত্ৰিম বুদ্ধিমত্তা আৰু তথ্য প্ৰযুক্তি বিষয়ক গ্ৰীষ্মকালীন ইণ্টাৰ্নশ্বিপ কাৰ্যসূচীৰ শুভাৰম্ভ
- BRPNNL Delegation Felicitated by BRO for Support in Vikramshila Setu Restoration
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাত প্ৰায় ৮ লাখ ভক্তৰ সমাগম -আজি মুকলি হ’ল মন্দিৰৰ দুৱাৰ