কামৰূপ মহানগৰ জিলাৰ ১৭ বছৰ অনুৰ্দ্ধৰ ল’ৰা আৰু ছোৱালীৰ লগতে ১৫ বছৰ অনুৰ্দ্ধৰ ল’ৰা শাখাৰ আন্তঃ বিদ্যালয় ফুটবল প্ৰতিযোগিতা ৪ আৰু ৫ জুলাইত উলুবাৰীস্থিত নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হয়।প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ সহকাৰী সঞ্চালক নৱজ্যোতি বসুমতাৰী আৰু যোগাযোগ বিষয়া বিধান দাস উপস্থিত থাকে।কামৰূপ মহানগৰ জিলাৰ ১৭ বছৰ অনুৰ্দ্ধৰ ল’ৰা শাখাত সৰ্বমুঠ ১৮ খন বিদ্যালয় আৰু ছোৱালীৰ শাখাত ৬ খন বিদ্যালয়ৰ লগতে ১৫ বছৰ অনুৰ্দ্ধৰ ল’ৰা শাখাত ১০ খন বিদ্যালয়ে অংশগ্ৰহণ কৰে।১৭ বছৰ অনুৰ্দ্ধৰ ল’ৰা শাখাত অম্বিকাগিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ে দিছপুৰ একাডেমী বিদ্যালয়ক ৫-৩ গ’লত ব্যৱধানত পৰাস্ত কৰে। আনহাতে দিছপুৰ একাডেমীৰ ৫ নম্বৰ জাৰ্চী পৰিহিত অৰচিম হাঞ্চে শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে।তদপুৰি ১৭ বছৰ অনুৰ্দ্ধৰ ছোৱালীৰ শাখাত বেতকুছি উচ্চ মাধ্যমিক বিদ্যালয়ে নৰকাসুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ক ৫-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰি বিজয়ী দলৰ খিতাপ অৰ্জন কৰে।বেতকুছি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ১১ নম্বৰ জাৰ্চী পৰিহিত মেৰী মেচে শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে ।আনহাতে ১৫ বছৰ অনুৰ্দ্ধৰ ল’ৰা শাখাৰ আদৰ্শ জাতীয় বিদ্যালয়ে ড° ৰাধাকৃষ্ণণ একাডেমীক ১-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰি বিজয়ী দলৰ খিতাপ অৰ্জন কৰে আৰু আদৰ্শ জাতীয় বিদ্যালয়ৰ ১০ নম্বৰ জাৰ্চী পৰিহিত পৰশ প্ৰধানে শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে । উল্লেখযোগ্য যে উক্ত বিজয়ী বিদ্যালয় কেইখনে আগন্তুক ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হ’বলগীয়া ক্ৰমে দেউকন, পিলিক চৌধুৰী আৰু নৃপেন্দ্ৰ নাৰায়ণ সিংহ সোঁৱৰণী আন্তঃ জিলা বিদ্যালয় ফুটবল দলক কামৰূপ মহানগৰ জিলাক প্ৰতিনিধিত্ব কৰিব।আন্তঃ বিদ্যালয় ফুটবল প্ৰতিযোগিতাৰ সামৰণি তথা বঁটা বিতৰণী অনুষ্ঠানত অসম ফুটবল সন্থাৰ কোষাধ্যক্ষ হীৰেণ গগৈ আৰু প্ৰাক্তন শাৰীৰিক নিৰ্দেশক তথা আৰু ক্ৰীড়া সংগঠক গীতেশ ধৰ উপস্থিত থাকে।
Trending
- এ ইউ আই ডি এফ চি এল-ৰ পৰিচালনা পৰিষদৰ ১৪ সংখ্যক বৈঠক অনুষ্ঠিত
- দিছপুৰত মুখ্যমন্ত্ৰীৰে সৌহাৰ্দপূৰ্ণ আলোচনা অসম বাৰ্তাজীৱী সংঘৰ
- অসমত ৰপ্তানি সুবিধা কেন্দ্র স্হাপনৰ বাবে কেন্দ্রক আহ্বান উদ্যোগ মন্ত্ৰী বিমল বড়াৰ
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলৰ মুৰব্বী হিচাপে প্ৰথমজন অসমীয়া মনোজ কুমাৰ শৰ্মা বৰদলৈৰ কাৰ্যভাৰ গ্ৰহণ
- আই এ এছ এছ টি, গুৱাহাটীত প্লাজমা পদার্থবিজ্ঞান গৱেষকৰ তিনিদিনীয়া অধিৱেশনৰ আয়োজন
- তিনিচুকীয়াত স্বাস্থ্য সেৱাৰ পৰ্যালোচনা, তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ নতুন ৰক্ত ভাণ্ডাৰৰ শুভ উদ্বোধন
- অসম চৰকাৰৰ বন বিভাগৰ ৰাজহ বৃদ্ধিত অৰিহণা যোগাই আহিছে এমট্রনৰ পৰ্টেলে – অধ্যক্ষ ৰমেন্দ্ৰ নাৰায়ণ কলিতা
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ তথ্য প্ৰযুক্তি বিভাগৰ উদ্যোগত কৃত্ৰিম বুদ্ধিমত্তা আৰু তথ্য প্ৰযুক্তি বিষয়ক গ্ৰীষ্মকালীন ইণ্টাৰ্নশ্বিপ কাৰ্যসূচীৰ শুভাৰম্ভ
- BRPNNL Delegation Felicitated by BRO for Support in Vikramshila Setu Restoration
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাত প্ৰায় ৮ লাখ ভক্তৰ সমাগম -আজি মুকলি হ’ল মন্দিৰৰ দুৱাৰ