স্বাস্থ্য সুস্থতা বাবে জীৱনশৈলীৰ লগতে মানসিক স্বাস্থ্য উন্নত মানৰ হোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ। বিশেষকৈ যোগ বা ব্যায়ামে শৰীৰৰ সন্তুলন বৰ্তাই ৰখা যথেষ্ট সহায় কৰে। এই মন্তব্য গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ সহকাৰী প্ৰবক্তা ডক্তৰ উবেদুল ইছলামৰ। এন ই ফ’কাচৰ উদ্যোগত আজি নেডফিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত স্বাস্থ্য আৰু সুস্থতা সন্মিলনত অংশগ্রহণ কৰি এই মন্তব্য কৰে। লগতে কয় যে দিনে দিনে বৃদ্ধি পোৱা জীবন শৈলী জনিত ৰোগ নিয়ন্ত্রণৰ আহিলা হ’ল খাদ্যাভ্যাস নিয়ন্ত্রণ, নিয়মিত স্বাস্থ্য পৰীক্ষা আৰু মানসিক সন্তুলন বজাই ৰখা। আন এক আলোচনা চক্ৰত ডায়েট অথবা খাদ্যাভাস সম্পর্কে আলোচনা কৰে। এই আলোচনা চক্র খনত অংশগ্রহণ কৰে ডক্তৰ চবিনা য়াচাৰে, ইন্দ্ৰানী দত্ত আৰু ড’গীতাৰ্থ ৰায় মেধিয়ে। আনহাতে সন্মিলনখনত গেষ্টলজি সম্পর্কে মন্তব্য ৰাখে গেষ্টচিটিৰ চবি উদ্দিন আহমেদে। সন্মিলনত তেজপুৰ বিশ্ববিদ্যালয়ৰ ভাষাতত্ব আৰু ভাষা প্ৰযুক্তি বিভাগৰ সহকাৰী অধ্যাপক ড০ অৰূপ কুমাৰ নাথেও সাম্প্ৰতিক সময়ৰ স্বাস্থ্য সজাগতা সম্পৰ্কে বক্তব্য আগবঢ়ায়।সন্মিলনখনত খনৰ লগত সংগতি ৰাখি এখন প্ৰদৰ্শনী অনুষ্ঠিত হয়। স্বাস্থ্য আৰু সুস্থতা সন্মিলনখন সফলতা সম্পন্ন কৰাত সহযোগ কৰে অসম চৰকাৰৰ ফুড চেফিটি বিভাগ, এন এইচ এম, এইচ কন্তোল চচাইটি,আয়ুষ মিচন অসম আৰু জনসংযোগে।আয়োজক কমিটিৰ হৈ এন ই ফ’কাচৰ সম্পাদক সংগীতা শইকীয়া, আমাৰ অসমৰ জ্যেষ্ঠ সাংবাদিক মন্টু শইকীয়া, জ্যেষ্ঠ সাংবাদিক ৰূপম বৰুৱাইও অনুষ্ঠানত চমু বক্তব্য আগবঢ়ায় । প্ৰায় শতাধিক লোকে অংশগ্রহণ কৰা সন্মিলনখনত স্বাস্থ্য বিভাগৰ লগতে সংবাদ সেৱা বিভাগৰ বহুকেইজন উপস্থিত থাকে।
Trending
- গুৱাহাটী প্ৰেছ ক্লাবত যোগ বিষয়ক আকস্মিক বক্তৃতা আৰু যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত
- সুধাকণ্ঠ ড০ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী-মুখ্যমন্ত্রী ড০হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত ৪জুনত মূল সমিতিৰ প্ৰথম খন সভা অনুষ্ঠিত
- DoHUA Minister Jayanta Mallabaruah Inspects Flood-Affected Areas in Guwahati
- বি এ আই চিৰ উদ্যোগত প্ৰদৰ্শনীমূলক মেলা আয়োজন
- Assam Skill University Signs Landmark MoU with Directorate of Sainik Welfare
- Minister Pijush Hazarika Visits Second Bereaved Family in Gujarat Affected by the Pahalgam Terror Attack
- Minister Ashok Singhal Visits Family of Pehelgam Terror Attack Victim in Balasore, Odisha
- Assam’s flood problem is almost becoming an issue of the past under CM Dr Sarma’s leadership: Minister Hazarika
- Assam CM meets Defence Minister; seeks intervention in establishing Defence Corridor
- Northeast Witnessing Unprecedented Development Under PM Modi’s Leadership: Pabitra Margherita