আজি গুৱাহাটীৰ খানাপাৰাস্থিত অসম পশুধন আৰু হাঁহ কুকুৰা নিগমৰ চৌহদত নতুনকৈ নিৰ্মাণ কৰা গাহৰি মাংস সংশাধন প্ৰকল্পটো আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী অতুল বৰাই। এই প্ৰকল্পৰ জৰিয়তে দৈনিক ১০০ গাহৰি বিজ্ঞানসন্মত ভাৱে এই প্ৰকল্পৰ জৰিয়তে গুৱাহাটীবাসীৰ লগতে ৰাজ্যবাসীক স্বাস্থ্যসন্মত গাহৰি মাংস উপলব্ধ কৰিব পৰা যাব। অসম পশুধন নিগমৰ উদ্যোগত চৰকাৰী খণ্ডত এইটো দ্বিতীয়টো গাহৰি মাংস সংশাধন প্ৰকল্প। এই প্ৰকল্পৰ জৰিয়তে স্বাস্থ্য সন্মত গাহৰি মাংসৰ লগতে বিভিন্ন প্ৰকাৰৰ গাহৰি মাংসজনিত খাদ্য যেনে চছেইজ, চালামি ইত্যাদি প্ৰস্তুত কৰা হ’ব। এই উপলক্ষে প্ৰকল্পটো উদ্বোধন কৰি মন্ত্ৰী অতুল বৰাই কয় যে, পশুপালন ক্ষেত্ৰখন হ’ল ৰাজ্যখনৰ সবাটোতকৈ সম্ভাৱনামূলক ক্ষেত্ৰ। এই ক্ষেত্ৰখনৰ লগত জড়িত হৈ নতুন প্ৰজন্মৰ যুৱক-যুৱতীসকলে নিজকে আত্মনিৰ্ভৰশীল কৰিবলৈ সক্ষম হৈছে। ৰাজ্যখনত গাখীৰ, কণী, মাংস ইত্যাদিৰ যথেষ্ট চাহিদা আছে যদিও সেই অনুপাতে উৎপাদন হোৱা নাই। এখন বিশাল বজাৰ আছে বাবেই পশুপালক সকলৰ লগতে পশুপালন বৃত্তিৰ প্ৰতি আগ্ৰহী সকলো আগবাঢ়ি আহি চৰকাৰী আচঁনিৰ সা-সুবিধা গ্ৰহণ কৰা উচিত। মুখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনত গাখীৰ, কণী, মাংস ইত্যাদিৰ উৎপাদন বৃদ্ধিত গুৰুত্ব আৰোপ কৰাৰ লগতে যুৱক-যুৱতীসকলক স্বাৱলম্বী কৰিবলৈ প্ৰচেষ্টা গ্ৰহণ কৰি আহিছে। ইতিমধ্যে মুখ্যমন্ত্ৰীৰ ধ্বজাবাহী আচঁনিৰ জৰিয়তে কণী উৎপাদন আৰু গাহৰি উৎপাদনৰ বাবে বিশেষ আচঁনি গ্ৰহণ কৰা হৈছে। মন্ত্ৰী বৰাই লগতে কয় যে, ৰাজ্যখনৰ গ্ৰাম্যাঞ্চলত এতিয়াও পৰম্পৰাগত ভাৱে হাঁহ-কুকুৰা, ছাগলী, গাহৰি আৰু দুগ্ধ উৎপাদনৰ ব্যৱস্থা প্ৰচলিত হৈ আছে। এই ব্যৱস্থাত সংগঠিত ৰূপত আগবঢ়াই নিবলৈ চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে। নতুন প্ৰজন্মৰ লগতে মহিলা সকলকো এনে আচঁনিৰ জৰিয়তে স্বাৱলম্বী কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ৰাজ্যখনৰ গ্ৰাম্য অৰ্থনীতি সৱলীকৰণত পশুপালন ক্ষেত্ৰখনে শ্ৰেষ্ঠ সম্ভাৱনাপূৰ্ণ ক্ষেত্ৰ হিচাপে বিবেচিত হৈছে। অনুষ্ঠানত উপস্থিত থাকি নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই কয় যে, বজাৰত অস্বাস্থ্যকৰ পৰিবেশত মাংস বৃদ্ধি ৰোধ কৰিবৰ বাবে এই গাহৰি মাংস সংশাধন প্ৰকল্পই বিশেষ ভাৱে সহায় কৰিব। ইতিমধ্যে নিগমৰ উদ্যোগত গোলাঘাট আৰু শিৱসাগৰত বহল ভিত্তিত গাহৰি উৎপাদনৰ বাবে পাম নিৰ্মাণ কৰি থকা হৈছে বুলি উল্লেখ কৰি শইকীয়াই কয় যে, এনেবোৰ প্ৰকল্প কাৰ্য্যক্ষম হৈ থকাৰ বাবে নিগমে ধাৰাবাহিক ভাৱে লাভৰ মুখ দেখিবলৈ সক্ষম হৈছে। নিগমৰ জৰিয়তে বিগত সময়ছোৱাত প্ৰায় ২১,০০০ যুৱক-যুৱতীক পশুপালন সম্পৰ্কীয় প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে প্ৰায় ৮,০০০ যুৱক যুৱতী ইতিমধ্যে স্বাৱলম্বী হবলৈ সক্ষম হৈছে। উদ্বোধনী অনুষ্ঠানত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ প্ৰধান সচিব মনিষ ঠাকুৰ, সচিব অভিজিৎ বৰুৱা, নিগমৰ পৰিচালন সঞ্চালক অনিল চন্দ্ৰ দেউৰী আদি উপস্থিত থাকে।
Trending
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি
- পথিকৰ উদ্যোগত পদুমবড়ীত বিনামূলীয়া স্বাস্থ্য আৰু চকু পৰীক্ষা শিবিৰ সম্পন্ন
- কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত জালুকবাৰী থানা এলেকাৰ দুৰ্গা পূজা উদযাপন আৰু বিসৰ্জন বিষয়ক সভা সম্পন্ন
- Bringing Healthcare Closer to People: Health Camp Held in Kamrup under Seva Sankalp Abhiyan