বৃক্ষ অৰ্থনীতি গঢ়ি তোলা আৰু অসমৰ সেউজ আৱৰণ বৃদ্ধিৰ বাবে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰা “অমৃত বৃক্ষ আন্দোলন, ২০২৪”ৰ জিলা পৰ্যায়ৰ উদ্বোধনী অনুষ্ঠান আজি তামুলপুৰ জিলাৰ আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত হয়। অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা তামুলপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী ইউ জি ব্ৰহ্মই আজিৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। বৃক্ষৰোপণ কাৰ্যসূচীৰ আগমুহূৰ্তত অনুষ্ঠিত এখন সভাত অভিভাৱক মন্ত্ৰীগৰাকীয়ে কয়, “পৃথিৱী সংকটৰ মুখলৈ আহি আছে। পৃথিৱীৰ লগতে আমাৰ মানৱ সভ্যতাক ৰক্ষা কৰিবলৈ অমৃত বৃক্ষ আন্দোলন আমাৰ বাবে এটা ডাঙৰ মিছন।” লগতে তেখেতে “এক পেড় মা কে নাম” বুলি টেগ লাইন লগাবলৈ সকলোকে আহ্বান জনায়। উক্ত সভাতে তামুলপুৰ জিলাৰ আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীয়ে “অমৃত বৃক্ষ আন্দোলন এক জন-আন্দোলন হওক” বুলি উল্লেখ কৰে। আয়ুক্ত কাৰ্যালয় চৌহদত অভিভাৱক মন্ত্ৰী ইউ জি ব্ৰহ্মই বৃক্ষ ৰোপণ কৰি জিলাখনত অমৃত বৃক্ষ আন্দোলন, ২০২৪ৰ শুভাৰম্ভ কৰে। তাৰ পাছত তামুলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক জলেন দৈমাৰী, বিটিচিৰ মনোনীত পাৰিষদ হেমন্ত কুমাৰ ৰাভা, জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীয়েও বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। কাৰ্যসূচীত তামুলপুৰ জিলা প্ৰশাসনৰ সমূহ অতিৰিক্ত আয়ুক্ত তথা সহকাৰী আয়ুক্তসহ কৰ্মচাৰীবৃন্দ, বিভিন্ন বিভাগৰ বিষয়া আৰু একাংশ ছাত্ৰ-ছাত্ৰীয়ে সহযোগিতা আগবঢ়ায়। উল্লেখ্য যে সমগ্ৰ তামুলপুৰ জিলাখনত ৭৪,০৮০জোপা গছপুলি ৰোপণ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে। আনহাতে ৫ আগষ্টলৈকে পঞ্জীয়নৰ সময় বঢ়াই দিছে আৰু ১৫ আগষ্টৰ ভিতৰত সকলো পুলিৰ ৰোপণকাৰ্য সমাপ্ত কৰিব লাগিব বুলি প্ৰশাসনৰ তৰফৰ পৰা জানিব পৰা গৈছে। ইয়াৰ উপৰি বৃক্ষৰোপণৰ ফটো MeriLiFE শীৰ্ষক এপত আপলোড কৰিব লাগিব। অমৃত বৃক্ষ আন্দোলনৰ উদ্বোধনী অনুষ্ঠানৰ পাছত আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অভিভাৱক মন্ত্ৰীগৰাকীয়ে “মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম” আঁচনি সম্পৰ্কীয় এখন সভাতো অংশগ্ৰহণ কৰে বুলি তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই জনাইছে।
Trending
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী
- গুৱাহাটী বিশ্ববিদ্যালয়ত নৱাগত স্নাতকোত্তৰ শিক্ষাৰ্থী
- Assam Down Town University Holds an Interactive Session on Graphology Analysis
- Finance Minister Jayanta Mallabaruah Inspects Erosion Affected Jamuguri in Bihpuria- Directs Long-Term Protective Measures