গুৱাহাটী মহানগৰৰ শান্তিপুৰত অৱস্থিত Early Bird Montessori School ত যোগাসনৰ ৰাষ্ট্ৰীয় সোণৰ পদক বিজয়ী যোগ বিশেষজ্ঞা জেফৰিন হাজৰিকা আৰু Early Bird Montessori School ৰ অধ্যক্ষা ববিতা দাস খানৰ সমূহীয়া প্ৰচেষ্টাত প্ৰতিষ্ঠা হোৱা যোগ বিদ্যালয়খন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে ভাৰতীয় যোগ সংস্কৃতি আৰু যোগ চিকিৎসা কেন্দ্ৰৰ প্ৰতিষ্ঠাপক সভাপতি যোগাচাৰ্য্য শুভাশিষ কৰে ৷ এই উপলক্ষে আয়োজিত উদ্বোধনী সভাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ যোগ থেৰাপিষ্ট চিক্তা দেৱ কৰ, অৰবিন্দ বিদ্যা মন্দিৰ হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী মিনু ডেকা কাকতি, সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী পাৰুল বৈশ্য, যোগ প্ৰশিক্ষক সুৰেশ পোদ্দাৰ, নিশা চক্ৰৱৰ্তী আৰু বৰ্ণালী ভূঞা মেধীৰ লগতে শান্তিপুৰ অঞ্চলৰ শতাধিক লোক উপস্থিত থাকে ৷ সভাত যোগাচাৰ্য্য শুভাশীষ কৰে যোগৰ প্ৰাসংগিকতা, সু-স্বাস্থ্যৰ বাবে যোগৰ প্ৰয়োজনীয়তা আদি বিষয়ত এক মননশীল ভাষন প্ৰদান কৰে ৷ ডানিয়া হেণৰিকৰ ভক্তি গীত আৰু নিকিতা দাসে প্ৰদৰ্শন কৰা ভাৰত নাত্যমে উপস্থিত সকলোকে আপ্লুত কৰে ৷ আগষ্ট মাহৰ পৰা প্ৰতিদিনে নিয়মীয়া যোগ ক্লাছ আৰম্ভ হ’ব আৰু ৰাইজৰ সহায় সহযোগিতা উদ্যোক্তাৰ হৈ জেফৰিন হাজৰিকা আৰু ববিতা দাস খানে কামনা কৰিছে৷
Trending
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন