অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী, স্বাধীনতা সংগ্ৰামী, লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যু দিৱসটি অসম চৰকাৰে “লোক কল্যাণ দিৱস” হিচাপে পালন কৰি আহিছে। এই বিশেষ দিনটোত লোকপ্ৰিয়গৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উপৰি বিষয়া-কৰ্মচাৰীসকলৰ মাজত কৰ্মসংস্কৃতি বৃদ্ধি কৰাৰ বাবে দুটা বঁটা প্ৰদান কৰি অহা হৈছে। নিজৰ কৰ্মৰে বিশেষ অৱদান আগবঢ়োৱা সমগ্ৰ ৰাজ্যৰ ১৮গৰাকী বিষয়াক ৰাজ্যিক ভিত্তিত “কৰ্মশ্ৰী বঁটা, ২০২৪” আৰু জিলা পৰ্যায়ত ৩৭গৰাকী কৰ্মচাৰীক (শিক্ষকসকলৰ বাহিৰে) “লোক সেৱা বঁটা, ২০২৪) আগবঢ়োৱা হৈছে। তদুপলক্ষে তামুলপুৰ জিলা প্ৰশাসনৰ দুগৰাকী কৰ্মচাৰী, প্ৰদীপ বসুমতাৰী আৰু অজন্তা বংজাঙক আজি তামুলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত “লোক সেৱা বঁটা, ২০২৪”-ৰে পুৰস্কৃত কৰা হয়। বঁটাটিত কৰ্মচাৰীগৰাকীৰ চাকৰিকাল এবছৰ বৃদ্ধি, নগদ ২৫ হাজাৰ টকা আৰু এখন মানপত্ৰ আছে। অসমৰ জাতীয় সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটিৰ মুখ্য অতিথিৰ আসনৰ পৰা তামুলপুৰ জিলাৰ জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীয়ে কয়, “আজি প্ৰদান কৰা বঁটা দুটিয়ে চৰকাৰী কৰ্মচাৰীৰ কৰ্মসংস্কৃতিক আগুৱাই নিবৰ কাৰণে নিশ্চিতভাৱে প্ৰেৰণা যোগাইছে। চৰকাৰৰ এনে প্ৰচেষ্টা আদৰণীয়।” বিটিচিৰ মনোনীত পাৰিষদ হেমন্ত কুমাৰ ৰাভা আৰু তামুলপুৰ জিলাৰ আৰক্ষী অধীক্ষক দিগন্ত কুমাৰ চৌধুৰীয়েও চৰকাৰী বিষয়া-কৰ্মচাৰীৰ কৰ্মসংস্কৃতি জাগ্ৰত কৰিবলৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ এনে প্ৰচেষ্টাৰ শলাগ লয়। তামুলপুৰ জিলাৰ অতিৰিক্ত আয়ুক্ত লখিমী দত্তই আঁত ধৰা অনুষ্ঠানটিৰ ৰাষ্ট্ৰীয় সংগীতে সামৰণি পৰে। আজিৰ অনুষ্ঠানত অতিৰিক্ত আয়ুক্ত ডঃ দীপাংকৰ নাথ, সহকাৰী আয়ুক্ত হিতেশ বড়ো আৰু কবিতা ফাংচ’ৰ লগতে বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত আছিল বুলি মহকুমা তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই জনাইছে। উল্লেখযোগ্য যে সভাৰ আৰম্ভণিতে ডঃ ভূপেন হাজৰিকাৰ এটি গীতেৰে শ্যামল দাসে সকলোকে আপ্লুত কৰে।
Trending
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি
- পথিকৰ উদ্যোগত পদুমবড়ীত বিনামূলীয়া স্বাস্থ্য আৰু চকু পৰীক্ষা শিবিৰ সম্পন্ন
- কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত জালুকবাৰী থানা এলেকাৰ দুৰ্গা পূজা উদযাপন আৰু বিসৰ্জন বিষয়ক সভা সম্পন্ন
- Bringing Healthcare Closer to People: Health Camp Held in Kamrup under Seva Sankalp Abhiyan