অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী, স্বাধীনতা সংগ্ৰামী, লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যু দিৱসটি অসম চৰকাৰে “লোক কল্যাণ দিৱস” হিচাপে পালন কৰি আহিছে। এই বিশেষ দিনটোত লোকপ্ৰিয়গৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উপৰি বিষয়া-কৰ্মচাৰীসকলৰ মাজত কৰ্মসংস্কৃতি বৃদ্ধি কৰাৰ বাবে দুটা বঁটা প্ৰদান কৰি অহা হৈছে। নিজৰ কৰ্মৰে বিশেষ অৱদান আগবঢ়োৱা সমগ্ৰ ৰাজ্যৰ ১৮গৰাকী বিষয়াক ৰাজ্যিক ভিত্তিত “কৰ্মশ্ৰী বঁটা, ২০২৪” আৰু জিলা পৰ্যায়ত ৩৭গৰাকী কৰ্মচাৰীক (শিক্ষকসকলৰ বাহিৰে) “লোক সেৱা বঁটা, ২০২৪) আগবঢ়োৱা হৈছে। তদুপলক্ষে তামুলপুৰ জিলা প্ৰশাসনৰ দুগৰাকী কৰ্মচাৰী, প্ৰদীপ বসুমতাৰী আৰু অজন্তা বংজাঙক আজি তামুলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত “লোক সেৱা বঁটা, ২০২৪”-ৰে পুৰস্কৃত কৰা হয়। বঁটাটিত কৰ্মচাৰীগৰাকীৰ চাকৰিকাল এবছৰ বৃদ্ধি, নগদ ২৫ হাজাৰ টকা আৰু এখন মানপত্ৰ আছে। অসমৰ জাতীয় সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটিৰ মুখ্য অতিথিৰ আসনৰ পৰা তামুলপুৰ জিলাৰ জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীয়ে কয়, “আজি প্ৰদান কৰা বঁটা দুটিয়ে চৰকাৰী কৰ্মচাৰীৰ কৰ্মসংস্কৃতিক আগুৱাই নিবৰ কাৰণে নিশ্চিতভাৱে প্ৰেৰণা যোগাইছে। চৰকাৰৰ এনে প্ৰচেষ্টা আদৰণীয়।” বিটিচিৰ মনোনীত পাৰিষদ হেমন্ত কুমাৰ ৰাভা আৰু তামুলপুৰ জিলাৰ আৰক্ষী অধীক্ষক দিগন্ত কুমাৰ চৌধুৰীয়েও চৰকাৰী বিষয়া-কৰ্মচাৰীৰ কৰ্মসংস্কৃতি জাগ্ৰত কৰিবলৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ এনে প্ৰচেষ্টাৰ শলাগ লয়। তামুলপুৰ জিলাৰ অতিৰিক্ত আয়ুক্ত লখিমী দত্তই আঁত ধৰা অনুষ্ঠানটিৰ ৰাষ্ট্ৰীয় সংগীতে সামৰণি পৰে। আজিৰ অনুষ্ঠানত অতিৰিক্ত আয়ুক্ত ডঃ দীপাংকৰ নাথ, সহকাৰী আয়ুক্ত হিতেশ বড়ো আৰু কবিতা ফাংচ’ৰ লগতে বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত আছিল বুলি মহকুমা তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই জনাইছে। উল্লেখযোগ্য যে সভাৰ আৰম্ভণিতে ডঃ ভূপেন হাজৰিকাৰ এটি গীতেৰে শ্যামল দাসে সকলোকে আপ্লুত কৰে।
Trending
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন