গৰীয়সী-চন্দ্ৰপ্ৰসাদ শইকীয়া চুটিগল্প পুৰস্কাৰ-২০২৪ প্ৰতিযোগিতাৰ পুৰস্কাৰ প্ৰদান

0 96

সাহিত্য-আলোচনী গৰীয়সীৰ প্ৰতিষ্ঠাপক সম্পাদক, যশস্বী কথাশিল্পী-সাংবাদিক,পদ্মভূষণ সন্মানপ্ৰাপক চন্দ্ৰপ্ৰসাদ শইকীয়াৰ স্মৃতিত আছাম ট্ৰিবিউন কাকতগোষ্ঠীৰ দ্বাৰা প্ৰৱৰ্তিত ‘গৰীয়সী-চন্দ্ৰপ্ৰসাদ শইকীয়া চুটিগল্প পুৰস্কাৰ’ প্ৰতিযোগিতা ২০২৪ৰ পুৰস্কাৰসমূহ আজি ‘কটন এলাম্‌নাই ভৱন’, কটন বিশ্ববিদ্যালয় চৌহদ, পাণবজাৰত বিয়লি ৫-০০ বজাত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰা হয়৷ চন্দ্ৰপ্ৰসাদ শইকীয়াৰ দুগৰাকী জীয়াৰী জীনা শইকীয়া আৰু মৈত্ৰেয়ী দাসৰ লগতে বিশিষ্ট লোকসকলে চন্দ্ৰপ্ৰসাদ শইকীয়াৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি প্ৰদান কৰাৰ পাছতে সভাৰ শুভাৰম্ভণি হয়৷ সভাখনত সভাপতিত্ব কৰে ‘গৰীয়সী’ৰ সম্পাদক, যশস্বী সাহিত্যিক ড॰ ৰীতা চৌধুৰীয়ে৷ ‘গৰীয়সী’ৰ উপ-সম্পাদক সমীন্দ্ৰ ডেকাই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে আৰু আদৰণি ভাষণ ৰাখে৷
প্ৰতিযোগিতাৰ বিচাৰকদ্বয় বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ মানৱিক আৰু সমাজবিজ্ঞান শাখাৰ সহযোগী কলাগুৰু, লেখক ড॰ বিনীতা বৰা দেৱ চৌধুৰী আৰু গুৱাহাটী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক, লেখক ড॰ ধৰণী লাহনে তেওঁলোকৰ ভাষণত প্ৰতিযোগী চুটিগল্পসমূহৰ মান, অসমীয়া ভাষা-সাহিত্যৰ অতীত-বৰ্তমান, বিচাৰ প্ৰক্ৰিয়া আৰু চুটিগল্প বিষয়ক বক্তব্য আগবঢ়ায়৷ গৰীয়সীৰ সম্পাদক ডঃ ৰীতা চৌধুৰীয়ে বিজেতাসকলক পুৰস্কাৰসমূহ আৰু উদগনি স্থানপ্ৰাপকসকলক প্ৰমাণ-পত্ৰ প্ৰদান কৰে৷ প্ৰতিযোগিতাৰ পুৰস্কাৰ বিজেতাসকল আৰু পুৰস্কাৰসমূহ ক্ৰমে– প্ৰথম ঃ মানসী গোহাঁই [টেকেলা চিৰিং গাঁও, ডিব্ৰুগড়, গল্প ঃ বিমূঢ় বাদুলি], পুৰস্কাৰ– নগদ ১০,০০০/- [দহ হাজাৰ] টকা, ‘গৰীয়সী’ৰ স্মাৰক আৰু প্ৰমাণ-পত্ৰ; দ্বিতীয় ঃ নীলম শৰ্মা [টিহু, নলবাৰী, গল্প ঃ চম্পাৱতীৰ সাধু], পুৰস্কাৰ– নগদ ৭,০০০/- [সাত হাজাৰ] টকা, ‘গৰীয়সী’ৰ স্মাৰক আৰু প্ৰমাণ-পত্ৰ আৰু তৃতীয় ঃ মাধুৰ্য গোস্বামী [মুক্তাপুৰ, কামৰূপ, গল্প ঃ ত্ৰিভূজ নক্ষত্ৰ], পুৰস্কাৰ– নগদ ৫,০০০/- [পাঁচ হাজাৰ] টকা, ‘গৰীয়সী’ৰ স্মাৰক আৰু প্ৰমাণ-পত্ৰ৷ উদগনি বঁটা লাভ কৰিছে ক্ৰমে মুনমী দত্ত হাজৰিকা [গড়মূৰ সত্ৰ, মাজুলী, গল্প ঃ দংশন], ক্ষিপ্ৰকল্প গগৈ [কাৱৈমাৰী গাঁও, ধেমাজি, গল্প ঃ বৰষুণকামী] আৰু সাগৰিকা শৰ্মা [পাটাছাৰকুছি, বজালী, গল্প ঃ শৰণাগত]ই ৷ আদৰণি ভাষণত সমীন্দ্ৰ ডেকাই উল্লেখ কৰা মতে, পুৰস্কাৰপ্ৰাপ্ত আৰু উদগনি লাভ কৰা গল্পসমূহ প্ৰয়োজন অনুসৰি সংশোধনৰ জৰিয়তে ‘গৰীয়সী’ত পৰ্যায়ক্ৰমে প্ৰকাশ কৰা হ’ব৷ সভাখনত বিজয়ী প্ৰতিযোগী ক্ৰমে মানসী গোহাঁই, নীলম শৰ্মা আৰু মাধুৰ্য গোস্বামীয়ে মনৰ ভাব প্ৰকাশ কৰি চমু বক্তব্য ৰাখে৷
সভাত অসম বাণী কাকতৰ সম্পাদক দিলীপ চন্দন, দৰং মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক তথা গৰীয়সীৰ বিজ্ঞান লেখক ৰমেশ চন্দ্ৰ গোস্বামী, পদ্মশ্ৰী সন্মানপ্ৰাপক ড॰ ৰোমান শৰ্মা, আছাম ট্ৰিবিউনৰ বিষয়া অসীম কুমাৰ ডেকা, বনজিৎ ভট্টাচাৰ্য, প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক ডঃ অভিজিত কুমাৰ দত্ত, ছয়গাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক-কবি ভূষণ কলিতা, ছয়গাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক উপেন ডেকা ভালেকেইগৰাকী আগশাৰীৰ কবি-সাহিত্যিক-সাংবাদিককে ধৰি ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ তদুপৰি আজিৰ সভাত বিভিন্ন শিক্ষানুষ্ঠানৰ ভালেমান ছাত্ৰ-ছাত্ৰীয়ে যোগদান কৰে৷ তেওঁলোকক সভাপতি ডঃ ৰীতা চৌধুৰীয়ে আগষ্ট, ২০২৪ সংখ্যাৰ একপিকৈ গৰীয়সী উপহাৰ দিয়ে।

Leave A Reply

Your email address will not be published.