স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি সন্দৰ্ভত কামৰূপ (ম)জিলা প্ৰশাসনৰ সভা

0 352

সমাগত দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি সন্দৰ্ভত কামৰূপ (ম) জিলা আয়ুক্ত সুমিত সাত্তাৱানৰ সভাপতিত্বত আজি খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত এখন সভা অনুস্থিত হয় । সভাত কামৰূপ মহানগৰৰ বিভিন্ন বিভাগৰ বিষয়াসকলৰ উপৰি আৰক্ষী প্ৰশাসন , সামৰিক,অৰ্দ্ধসামৰিক বাহিনীৰ প্ৰতিনিধিবৰ্গৰ উপস্থিতিত আগন্তুক স্বাধীনতা দিৱস উদযাপন সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰা হয় । স্বাধীনতা দিৱসৰ অনুষ্ঠান সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে বিভাগসমূহক দায়িত্ব অৰ্পণ কৰা হয় । তদুপৰি গুৱাহাটী পৌৰ নিগমক কামৰূপ মহানগৰ জিলাত থকা স্বাধীনতা সংগ্ৰামীসকলৰ প্ৰতিমূৰ্ত্তি পৰিষ্কাৰ কৰাৰ বাবে নিৰ্দেশ দিয়ে। একেদৰে বায়’ টয়লেটৰ ব্যৱস্থা’, নিয়মীয়া বিদ্যুত ব্যৱস্থা,মেডিকেল টীমৰ ব‍্যৱস্থা আদিৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয় । আজিৰ সভাত তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালক মানৱেন্দ্ৰ দেৱ ৰায়,অতিৰিক্ত জিলা আয়ুক্ত বিশ্বজিত শইকীয়া, সহকাৰী আয়ুক্ত আদিত্য প্ৰতাপ সিং, নিৰাপত্তা আৰু চোৰাংচোৱা শাখাৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত জ্যোতিৰঞ্জন নাথসহ সংশ্লিষ্ট বিভাগসমূহৰ বিষয়া তথা জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে ।

Leave A Reply

Your email address will not be published.