ঘৰে ঘৰে ত্ৰিৰংগ কাৰ্যসূচীৰ প্ৰস্তুতিৰ চূড়ান্ত পৰ্যালোচনা

0 42

আগন্তুক স্বাধীনতা দিৱস উপলক্ষে সমগ্ৰ দেশতে আয়োজিত হ’ব লগা ‘ঘৰে ঘৰে ত্ৰিৰংগ’ কাৰ্যসূচী অসমতো ৰূপায়ণৰ বাবে আজি সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়াৰ সভাপতিত্বত দিছপুৰৰ জনতা ভৱনত আয়োজিত এক সভাত কাৰ্যসূচী সমূহৰ চূড়ান্ত কৰাৰ লগতে পৰ্যালোচনাও কৰা হয়।
সভাত অহা ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ আয়োজিত হ’ব লগা ঘৰে ঘৰে ত্ৰিৰংগ কাৰ্যসূচীত গ্ৰামীণ জীৱিকা অভিযানৰ বিষয়া সকলক জীৱিকা সখীৰ দ্বাৰা সমগ্ৰ ৰাজ্যতে এক স্কুটি ৰেলীৰ অনুষ্ঠিত কৰাৰ বাবে নিৰ্দেশ দিয়া হয়।
ইয়াৰ অধীনত অহা১৩ আগষ্টৰ সন্ধিয়া সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত স্হানীয় শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’ব ত্ৰিৰংগ সমলয় শীৰ্ষক দেশপ্ৰেম মূলক গীতৰ এক অনুষ্ঠান।এই অনুষ্ঠানতে চৰকাৰী চাৰু কাৰু কলা মহাবিদ্যালয়ে দেশ প্ৰেম আৰু বিকশিত অসমক বিষয় বস্তু হিচাপে অঁকা এখন বৃহদাকাৰৰ ত্ৰিৰংগ কেনভাচ প্ৰদৰ্শন কৰাৰ লগতে অন্য এখন ডাঙৰ কেনভাচত ঘৰে ঘৰে ত্ৰিৰংগ আৰু জয় হিন্দ বুলি উপস্হিত সকলোৱে লিখিব।সভাত জনসংযোগ বিভাগক ঘৰে ঘৰে ত্ৰিৰংগ বাৰ্তা প্ৰচাৰৰ বাবে হৰ্ডিং, টেলিভিশন যোগে এই সন্দৰ্ভত প্ৰচাৰ তথা জিলা সমূহত কেন্দ্রীয় চৰকাৰে প্ৰদান কৰা ত্ৰিৰংগ গীতটি স্থায়ী অনুভাষ যন্ত্ৰ যোগে প্ৰচাৰৰ বাবে নিৰ্দেশ দিবলৈ কোৱা হয়।
গুৱাহাটী পৌৰ নিগমক সকলো ব্যৱসায়িক প্ৰতিষ্ঠানতে ত্ৰিৰংগ পতাকা উত্তোলনৰ বাবে লগতে পাৰিলে অন্যক একোখন জাতীয় পতাকা আগবঢ়োৱাৰ বাবে আহ্বান জনাবলৈ নিৰ্দেশ দিয়া হয়।
সভাত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ প্ৰধান সচিব ড০ বি কল্যাণ চক্ৰৱৰ্তী, সচিব মণিদিপা বৰকটকী, গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত মেঘা নিধি দাহালকে ধৰি বিভিন্ন বিভাগৰ বিষয়া সকল উপস্হিত আছিল।

Leave A Reply

Your email address will not be published.