তিনিচুকীয়াত বিজেপিৰ কাৰ্যকৰ্তাৰ সৈতে হৰ ঘৰ তিৰংগা অভিযানৰ বাইক ৰেলীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ

0 53

কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি তিনিচুকীয়াত হৰ ঘৰ তিৰংগা অভিযানৰ অংশ হিচাপে বাইক ৰেলীত অংশগ্ৰহণ কৰে। তিনিচুকীয়া জিলা বিজেপি আৰু যুৱ মৰ্চাৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত ভাগ লোৱাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শ্বহীদ খৰ্গেশ্বৰ ৰোডস্থিত গান্ধী পার্কত উপস্থিত হৈ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাৰ্ঘ অৰ্পণ কৰে।

বাইক ৰেলীত ভাগ লোৱাৰ প্ৰাকমুহূৰ্তত কাৰ্যকৰ্তা তথা স্থানীয় ৰাইজক সম্বোধন কৰি সোণোৱালে কয়, “মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানমৰ্মে সমগ্ৰ দেশজুৰি হৰ ঘৰ তিৰংগা অভিযান আৰু তিৰংগা যাত্ৰা ৰূপায়িত হৈছে। এই অভিযানৰ লক্ষ্য হৈছে দেশবাসীৰ মাজত দেশপ্ৰেমৰ চেতনা জগাই তুলি ন সংকল্পেৰে ৰাষ্ট্ৰ নিৰ্মাণৰ মহৎ উদ্দেশ্যৰ প্ৰতি দায়বদ্ধ কৰা আৰু দেশৰ স্বাধীনতা সংগ্ৰামত প্ৰাণ আহুতি দিয়া মহান শ্বহীদসকলক শ্ৰদ্ধাৰে স্মৰণ কৰি দেশসেৱাৰ বাবে নিজকে উদ্বুদ্ধ কৰা। আমাৰ দেশৰ পতাকাখনে আমাক সগৌৰৱে নিজৰ দায়িত্ব সুকলমে পালনেৰে ৰাষ্ট্ৰক শক্তিশালী তথা সমৃদ্ধিশালী কৰিবলৈ উদ্বুদ্ধ কৰিছে। দেশক স্বাধীন কৰোৱাৰ কণ্টকময় পথত যিসকলে সক্ৰিয় ভূমিকা পালনেৰে সৰ্ব্বস্ব ত্যাগ স্বীকাৰ কৰিলে আৰু দেশমাতৃৰ হকে হেলাৰঙে প্ৰাণ আহুতি দিলে, সেই মহান বীৰ-বীৰাঙ্গনা, শ্বহীদসকললৈ মোৰ সশ্ৰদ্ধ প্ৰণিপাত জনালোঁ। তেওঁলোকৰ অতুলনীয় ত্যাগ, সাহস, বীৰত্ব আৰু দেশপ্ৰেমৰ অনন্য গাথাই আমাক সদায়েই অনুপ্ৰাণিত কৰি থাকিব।”

সোণোৱালে লগতে কয়, “মাননীয় প্ৰধানমন্ত্ৰীৰ দূৰদৰ্শী নেতৃত্বত ভাৰত এতিয়া বিশ্বৰ অন্যতম শক্তিধৰ দেশ হিচাপে উজলি উঠিছে। এখন বিকশিত, আত্মনিৰ্ভৰ আৰু সমৃদ্ধিশালী ভাৰত গঢ়াৰ যাত্ৰা মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত বহু দূৰ আগুৱাই আহিছে। দেশৰ গৌৰৱময় ৭৮তম স্বাধীনতা দিৱস উপলক্ষে আমি সংকল্পবদ্ধ হ’ব লাগিব যাতে আমি সকলোৱে মিলি ভাৰতক উন্নয়নৰ এক নতুন শিখৰত উপনীত কৰিবলৈ সক্ষম হওঁ। দেশৰ অমৃতকালত মোদী ডাঙৰীয়াৰ লক্ষ্য হৈছে ২০৩০ চনৰ ভিতৰত ভাৰতক বিশ্বৰ তিনি বৃহৎ অৰ্থনীতিৰ ভিতৰত অন্তৰ্ভুক্ত কৰা। এই প্ৰচেষ্টাত আমি প্ৰতিজন ভাৰতীয়ই গৌৰৱেৰে অংশীদাৰ হ’ব লাগিব আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত সমৰ্পিত সেৱা আগবঢ়াই যাবলৈ বদ্ধপৰিকৰ হ’ব লাগিব।”

তিনিচুকীয়াৰ চলিহা নগৰৰ পৰা সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত আৰম্ভ হোৱা এই বাইক ৰেলী প্ৰায় ৯ কিমি. জোৰা যাত্ৰাৰ অন্তত সামৰণি পৰে, য’ত কাৰ্যকৰ্তাসকলৰ উপৰি বিভিন্ন স্বেচ্ছাসেৱী, স্থানীয় যুৱক-যুৱতীয়েও অংশগ্ৰহণ কৰে। যুৱশক্তি মহাশক্তি বুলি উল্লেখ কৰি সোণোৱালে যুৱশক্তিক দেশৰ সেৱাত নিষ্ঠাৰে আত্মনিয়োগ কৰিবলৈ আহ্বান জনায়।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আজিৰ অনুষ্ঠানত সংগ দিয়ে অসম চৰকাৰৰ মন্ত্ৰী তথা তিনিচুকীয়া বিধানসভা সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণ, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক পুলক গোহাঁই, জিলা সভাপতি কুশকান্ত বড়া, যুৱ মৰ্চাৰ জিলা সভাপতি সিদ্ধাৰ্থ বৰুৱা, লক্ষ্য কোঁৱৰ প্ৰমুখ্যে অন্যান্য বিষয়ববীয়াসকল, কাৰ্যকৰ্তাসকল আৰু স্থানীয় ৰাইজে।

Leave A Reply

Your email address will not be published.