আজি প্ৰথিতযশা কবি,সাহিত্যিক তথা অসম কবি সমাজৰ ভূতপূৰ্ব সভাপতি, কামৰূপ জিলা (অবিভক্ত) সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰমেন কলিতাৰ কাব্যগ্ৰন্থ “বালিমাহী” শুভ উন্মোচন কৰা হয়। পৰাগজ্যোতি প্ৰকাশনৰ উদ্যোগত বৰ্ষীয়ান কবি গৰাকীৰ বেলতলা- চাৰ্ভেৰ দিকচৌ বাটস্থিত বাসভৱনত গ্ৰন্থখনি উন্মোচন কৰি অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক,সাহিত্য কোঁৱৰসকমল কলিতাই কয়- “বিশ্বমানৰ কবিতা ৰচনা কৰি কবি সমাজৰ মাজত ৰমেন কলিতাই এক সাচ বহুৱাইছে । নীলমণি ফুকন, নলিনীধৰ ভট্টাচাৰ্য, হীৰেন ভট্টাচাৰ্য আদিৰ সমকক্ষ কবি ৰমেন কলিতাই আজিও ৰজাঘৰ-প্ৰজাঘৰৰ পৰা একো স্বীকৃতি পোৱা নাই। অসমীয়াই আচল মানুহক পাহৰি যায়। জীৱন কালত সন্মান নোপোৱাটো দুৰ্ভাগ্যজনক। অনাতাঁৰ আৰু দূৰদৰ্শনৰ জ্যেষ্ঠ তথা জনপ্ৰিয় কন্ঠশিল্পী ডিজেন কাকতিয়ে ভূপেন হাজৰিকাৰ গীত পৰিৱেশনৰে আৰম্ভ কৰা সভাখনি উদ্ধোধন কৰি সদৌ অসম কবি সাহিত্য চক্ৰৰ সভাপতি অনুপ কুমাৰ তালুকদাৰে কয়-সাম্প্ৰতিক কালত মানুহৰ প্ৰতি মানুহৰ আন্তৰিকতা কমিছে। ধন-দৌলতেৰে প্ৰকৃত কবি-সাহিত্যিকক জুখিব নোৱাৰে। প্ৰকৃত কবি, গল্পকাৰ, সাহিত্যিক, শিল্পীসকলে সদায় সমাজৰ উন্নতি, সুষ্ঠ বাতাবৰণ আশা কৰে।” পৰাগজ্যোতি প্ৰকাশনৰ সচিব, কবি সাংবাদিক দীপক শৰ্মাই আত ধৰা অনুষ্ঠানত অখিল ভাৰতীয় সাহিত্য পৰিষদৰ গুৱাহাটী মহানগৰী সমিতিৰ সভাপতি নিশুতি মজুমদাৰে মুখ্য অতিথিৰ ভাষণত কয়-আশাবাদে এজন মানুহক জীয়াই থাকিবলৈ প্ৰেৰণা দিয়ে। কবিয়ে সকলো লোকৰে অনুভৱ, দুখ-দুৰ্গতি,সুখ-আনন্দ, শান্তি -সংহতি বুজি পায়। কবি আপোনা- আপুনি হৈ নুঠে।” সভাত বৃহত্তৰ বিৰকুছি সাহিত্য সভাৰ সভাপতি শশধৰ ডেকাই বিশিষ্ট অতিথিৰ ভাষণত কয়- “বৰ্তমান সময়ত সাহিত্য পণ্য হৈ উঠিছে। আজিৰ সৰহ সংখ্যক সাহিত্যিকে গভীৰতালৈ যাব নোৱাৰে।অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে শ্ৰীনগৰ সাহিত্য সভাৰ সভাপতি নৱ মজুমদাৰ, বিশ্বৰত্ন ড০ ভূপেন হাজৰিকা স্বৰ্ণ শাখা সাহিত্য সভাৰ সভাপতি হৃষিকেশ দাসে ভাষণ দিয়া সভাত গুৱাহাটী কবি চক্ৰৰ সহকাৰী সম্পাদক মামণি পাটোৱাৰী, বিশিষ্টা লেখিকা সুস্মিতা মজুমদাৰ, স্বপ্না শৰ্মাইও ৰমেন কলিতাৰ কাব্যপ্ৰতিভা, তেওঁৰ সাহিত্য কৃতি সম্পৰ্কে বক্তব্য দাঙি ধৰে।
Trending
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ