ডিমৰীয়া মহাবিদ্যালয়ত বিশ্ব অ’জন দিৱস ২০২৪ৰ ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠান

0 37

অসমৰ পৰিৱেশ আৰু বন বিভাগ আৰু বিজ্ঞান,প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ উদ্যোগত আজি ক্ষেত্ৰীৰ ডিমৰীয়া মহাবিদ্যালয়ত বিশ্ব অ’জন দিৱসৰ ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠান অনুষ্ঠিত হয়। ২০২৪ চনৰ বাবে এই দিৱসৰ বিষয় হৈছে “মণ্ট্ৰিয়েল প্ৰট’কল – জলবায়ু বিষয়ক কৰ্তব্যৰ অগ্রগতি’। আজিৰ এই অনুষ্ঠানত পৰিৱেশ আৰু বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু বিজ্ঞান আৰু প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী কেশৱ মহন্তই অংশগ্ৰহণ কৰে।

আজিৰ অনুষ্ঠানত দিয়া ভাষণত মন্ত্ৰী পাটোৱাৰীয়ে জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বান আৰু অ’জন স্তৰ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত মণ্ট্ৰিয়েল প্ৰট’কলৰ গুৰুত্বৰ বিষয়ে ব্যাখ্যা আগবঢ়ায়।তেওঁ কয় যে এই দিৱস উদযাপনৰ এক অন্যতম উদ্দেশ্য হৈছে বায়ুমণ্ডলৰ অ’জন স্তৰৰ সুৰক্ষা আৰু জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰাৰ বিষয়ে সজাগতা বৃদ্ধি কৰা।

তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে মণ্ট্ৰিয়েল প্ৰট’কলৰ সমৰ্থনত দৃঢ় স্থিতি গ্ৰহণ কৰি গোলকীয় উষ্ণতা বৃদ্ধিৰ সমস্যাৰ বিৰুদ্ধে বিশ্বৰ আন দেশসমূহৰ সৈতে পূৰ্ণ সহযোগিতা আগবঢ়াইছে।

মন্ত্রী পাটোৱাৰীয়ে প্ৰকৃতি সংৰক্ষণ আৰু ৰাজ্যৰ সেউজ আৱৰণ বৃদ্ধিৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে অমৃত বৃক্ষ আন্দোলনকে ধৰি গ্রহণ কৰা বিভিন্ন কাৰ্যসূচী তথা পদক্ষেপৰ ওপৰত আলোকপাত কৰে। তেওঁ আজিৰ অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলৰ অংশগ্ৰহণৰ প্ৰশংসা কৰি কয় যে তেওঁলোকৰ সুন্দৰ ভৱিষ্যতৰ বাবেই এনে আঁচনিসমূহ গ্ৰহণ কৰা হৈছে।

মন্ত্রীগৰাকীয়ে কয় যে ১৯৮৭ চনত স্বাক্ষৰিত মণ্ট্ৰিয়েল প্ৰট’কলৰ উদ্দেশ্য আছিল অ’জন স্তৰৰ ক্ষতিসাধন কৰা পদাৰ্থসমূহ পৰ্যায়ক্ৰমে নিৰ্মূল কৰা।অ’জন স্তৰে জীৱৰ বাবে ক্ষতিকাৰক অতি বেঙুনীয়া ৰশ্মিৰ বিকিৰণৰ পৰা পৃথিৱীৰ জীৱকূলক সুৰক্ষা প্ৰদান কৰে। তেওঁ কয় যে অজনৰ সুৰক্ষাৰ বাবে সকলোৱে অৱদান আগবঢ়াব পাৰে। ইয়াৰ বাবে তেওঁ চিএফচিৰ দৰে অ’জন ক্ষয়কাৰী ৰাসায়নিক পদাৰ্থৰ ব্যৱহাৰ হ্ৰাস কৰা, অধিক গছপুলি ৰোপণ কৰা, শক্তি সংৰক্ষণ কৰা, মটৰ গাড়ীৰ ব্যবহাৰ যথাসম্ভব হ্ৰাস কৰা, পৰিৱেশ অনুকূল সামগ্রীৰ ব্যবহাৰ বৃদ্ধি কৰাৰ বাবে সকলোৰে প্ৰতি আহ্বান জনায়। তেওঁ লগতে কয় যে আমি একেলগে এখন সুস্থ, নিৰাপদ আৰু অধিক বহনক্ষম পৃথিৱী গঢ়ি তুলিব পাৰো।

সমগ্র বিশ্ববাসীৰ সমূহীয়া প্ৰচেষ্টাৰ ফলত ২০৪০-২০৬৬ চনৰ ভিতৰত অ’জন স্তৰ ১৯৮০ চনৰ মাত্ৰালৈ ঘূৰি আহিব পাৰে বুলি বৈজ্ঞানিক সমাজে আগবঢ়োৱা অভিমতৰ বিষয়েও তেওঁ নিজৰ ভাষণত উল্লেখ কৰে।

বিজ্ঞান আৰু প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী কেশৱ মহন্তই তেওঁৰ ভাষণত অ’জন স্তৰৰ সুৰক্ষা আৰু জলবায়ু পৰিৱৰ্তনৰ সৈতে জড়িত বিভিন্ন বিষয়ৰ ওপৰত আলোকপাত কৰে।

মন্ত্ৰীদুগৰাকীয়ে আজিৰ অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আয়োজন কৰা প্ৰতিযোগিতাৰ বিজয়ীসকলক পুৰস্কাৰ প্ৰদান কৰে ।

ডিমৰীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ মানবজ্যোতি বৰকাকতি, অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ সঞ্চালক ড০ জয়দীপ বৰুৱা আদি বক্তা সকলেও অনুষ্ঠানত ভাষণ প্ৰদান কৰে। পৰিৱেশ আৰু বন, বিজ্ঞান আৰু প্ৰযুক্তি, আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে বিজ্ঞান অনুৰাগী, শিক্ষক, আৰু স্থানীয় শিক্ষা প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ অনুষ্ঠানত উপস্থিত আছিল।

আজি খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত বিশ্ব অ’জন দিৱস উদযাপনত চাহ জনজাতি কল্যাণ মন্ত্ৰী সঞ্জয় কিশানৰ সৈতে পৰিৱেশ আৰু বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে অংশগ্ৰহণ কৰে। অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে খানাপাৰাত শ্ৰী শ্ৰী ৰুদ্ৰ মহাযজ্ঞ আৰু কামেশ্বৰী মহা আৰাধনাৰ মঞ্চত এই অনুষ্ঠানৰ আয়োজন কৰিছিল।

এই কাৰ্যসূচীত মন্ত্ৰী পাটোৱাৰীয়ে অ’জন স্তৰ সুৰক্ষা আৰু জলবায়ু পৰিৱৰ্তনৰ সৈতে জড়িত বিষয়ৰ ওপৰত ভাষণ প্ৰদান কৰে। অনুষ্ঠানত তেওঁ জগত গুৰু শংকৰাচাৰ্য স্বামী অধোক্ষাজনন্দ জী মহাৰাজৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰে। এই কাৰ্যসূচীত অসম প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ অধ্যক্ষ ড০ অৰূপ কুমাৰ মিশ্ৰ উপস্থিত থাকে।

উল্লেখযোগ্য যে, ১৯৮৭ চনৰ ১৬ ছেপ্টেম্বৰত মণ্ট্ৰিয়েল প্ৰটক’ল স্বাক্ষৰিত হৈছিল। সেই উপলক্ষে প্ৰতিবছৰে আজিৰ দিনটোত বিশ্ব অ’জন দিৱস পালন কৰা হয়।

Leave A Reply

Your email address will not be published.