ৰাজ্যৰ অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰি আজি আম আদমী পাৰ্টিয়ে ষষ্ঠদশ বিত্ত আয়োগৰ অধ্যক্ষ ডঃ অৰবিন্দ পনগৰীয়াৰ হাতত এখন স্মাৰকপত্ৰ প্ৰদান কৰে। আপৰ নেতা অম্লানজ্যোতি হাতীবৰুৱা, পুনম গগৈ আৰু জাৰবম কুটুমে ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰৰ হকে ষষ্ঠদশ বিত্ত আয়োগৰ অধ্যক্ষ ডঃ পনগৰীয়াৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। অসমৰ জ্বলন্ত সমস্যাবোৰৰ ভিত্তিত আপৰ নেতৃত্বই অধ্যক্ষগৰাকীক স্মাৰক পত্ৰ প্ৰদান কৰে। ৰাজ্যত ব্যাপক কৰ্মসংস্থাপন সৃষ্টি, উদ্যোগিক বিকাশ, কৃষিখণ্ডৰ আধুনিকীকৰণ, বান আৰু খহনীয়া সমস্যাৰ স্থায়ী সমাধান, স্বাস্থ্য খণ্ডৰ উন্নয়ন, আন্তঃগাঁথনিৰ বিকাশ, শৈক্ষিক খণ্ডৰ উন্নয়ন, জল, ৰেল আৰু পথ পৰিবহন ব্যৱস্থাৰ ক্ষিপ্ৰ সম্প্ৰসাৰণ আৰু অসমক বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদানৰ দাবী এই স্মাৰকপত্ৰত স্থান লাভ কৰে। গুৱাহাটীৰ হোটেল ভিভান্টাত অনুষ্ঠিত বৈঠকত আপৰ নেতৃবৃন্দই বিত্ত আয়োগৰ অধ্যক্ষ ড০ অৰবিন্দ পনগৰীয়াৰ হাতত অৰ্পণ কৰে এই গুৰুত্বপূৰ্ণ স্মাৰকপত্ৰ।
Trending
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন