অন্ধ্ৰপ্ৰদেশৰ লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰীৰ পলাশবাৰী – চানডুবি পথ পৰিদৰ্শন – অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগক ভূয়সী প্ৰশংসা

0 24

দুদিনীয়া চৰকাৰী ভ্ৰমণসুচীৰে কালি দিনৰ ভাগত গুৱাহাটীত আহি উপস্থিত হোৱা অন্ধপ্ৰদেশ চৰকাৰৰ লোক নিৰ্মাণ, আন্তঃগাঁথনি উন্নয়ন আৰু বিনিয়োগ বিভাগৰ মন্ত্ৰী বি চি জনাৰ্দান ৰেড্ডী গাৰুৱে আজি দূপৰীয়াৰ ভাগত নেৰা নেপেৰা বৰষূণক নেওচিও গুৱাহাটীৰ পাৰ্শ্ববৰ্তী পলাশবাৰী – চানডুবি সংগোগী দুইলেনযুক্ত পথটো পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত মন্ত্ৰী গৰাকীৰ সৈতে অহা অন্ধ্ৰপ্ৰদেশ চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ প্ৰধান সচিব কান্তিলাল দান্তে , মুখ্য অভিযন্তা ভি ৰামচন্দ্ৰ, অন্ধ্ৰপ্ৰদেশ পথ উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক এল এছ ৰেড্ডী, কাৰ্যবাহী অভিযন্তা ৰাজেন্দ্ৰ প্ৰসাদ উপস্থিত থাকে। তেনেদৰে পৰিদৰ্শন কালত অসম চৰকাৰৰ লোক নিৰ্মাণ পথ বিভাগৰ হৈ মন্ত্ৰী গৰাকীক সংগ দিয়ে বিভাগৰ সচিব পৱন টেৰণ , আঞ্চলিক গৱেষণা পৰীক্ষাগাৰৰ সঞ্চালক জগমোহন বসুমতাৰী, অধীক্ষক অভিযন্তা দিগন্ত গোস্বামী , পলাশবাৰী পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা ভবেন শৰ্মাকে ধৰি কেবাজনো অভিযন্তাই । আনহাতে পৰিদৰ্শন কালত অসমমালা আঁচনিৰ অধীনত প্ৰায় ডেৰ বছৰ পূৰ্বে নিৰ্মাণ সম্পূৰ্ণ হোৱা দুইলেনযুক্ত পলাশবাৰী – চানডুবি সংযোগী পথটোৰ কেইবাটাও স্থানত মন্ত্ৰী গৰাকীয়ে গাড়ীৰ পৰা নামি গৈ অসম চৰকাৰৰ লোক নিৰ্মাণ পথ বিভাগৰ অভিযন্তা সকলৰ পৰা পথ নিৰ্মাণ কাৰ্যত ব্যৱহৃত কাৰিকৰী দিশ, নিৰ্মাণ কাৰ্যৰ গুণাগুণ আদি অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মিত যন্ত্ৰৰ সহায়ত বুজ লয় । মন্ত্ৰী গৰাকীয়ে নিৰ্ধাৰিত সময়ৰ পূৰ্বে ৰদ, বৰষুণকে ধৰি বিভিন্ন প্ৰতিকুলতাক নেওচিও পূৰ্বৰ পুৰণি একলেনযুক্ত পথটোক দুইলেনযুক্ত পথলৈ উন্নীত কৰি সুন্দৰভাৱে পৰিবেশ অনুকূলভাৱে নিৰ্মাণ কৰা বাবে অসম চৰকাৰৰ লোক নিৰ্মাণ পথ বিভাগৰ ভূয়সী প্ৰশংসা কৰে। আনকি মন্ত্ৰী গৰাকীয়ে অসম চৰকাৰৰ লোক নিৰ্মাণ পথ বিভাগৰ অভিযন্তা সকলৰ সৈতে অসমত পথ নিৰ্মাণ কাৰ্যত ব্যৱহৃত কাৰিকৰী কৌশল , কুশলতা, প্ৰতিকুল পৰিস্থিতিৰ মাজতো পথ নিৰ্মাণ কৰাৰ দক্ষতা আদি সন্দৰ্ভত মত – বিনিময় কৰে। উল্লেখ্য যে পৰিদৰ্শনৰ পূৰ্বে অন্ধ্ৰপ্ৰদেশ চৰকাৰৰ মন্ত্ৰী গৰাকীৰ সৈতে অহা দলটোক অসমীয়া পৰম্পৰাগত গামোচাৰে আদৰণি জনায় লোক নিৰ্মাণ পথ বিভাগৰ পলাশবাৰী সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা ভবেন শৰ্মাই।

Leave A Reply

Your email address will not be published.