ভাৰত বাংলাদেশ আৰু ভাৰত -পাকিস্তানৰ আন্তৰ্জাতিক সীমান্তৰ নিৰাপত্তা , পহৰা আদি কাৰ্যৰ দায়িত্বত থকা সীমান্ত নিৰাপত্তা বাহিনী চমুকৈ বি এছ এফৰ গুৱাহাটী ফ্ৰন্টিয়াৰৰ মহা পৰিদৰ্শক হিচাপে ৯ অক্টোবৰত দায়িত্বভাৰ গ্ৰহণ কৰিছে সঞ্জয় গৌৰে। ৯ অক্টোবৰত বি এছ এফৰ আজাৰা পাটগাঁওস্থিত গুৱাহাটী ফ্ৰন্টিয়াৰ মুখ্য কাৰ্যালয়ত নৱ নিযুক্ত মহা পৰিদৰ্শক সঞ্জয় গৌৰে দায়িত্বভাৰ গ্ৰহণ কৰে। উল্লেখ্য যে বি এছ এফৰ ১৯৮৯ বেটছৰ বিষয়া সঞ্জয় গৌৰে সহকাৰী অধিনায়ক হিচাপে বাহিনীটোত কৰ্ম জীৱন আৰম্ভ কৰিছিল। বাহিনীটোত এজন নিষ্ঠাবান, দক্ষ আৰু অভিজ্ঞতাপুষ্ট বিষয়া হিচাপে সুনাম থকা সঞ্জয় গৌৰে বিগত সময়চোৱাত ভাৰত – পাকিস্তান আৰু ভাৰত – বাংলাদেশৰ আন্তৰ্জাতিক সীমান্তৰ বহু দুৰ্গম ঠাইত কৰ্ম সম্পাদন কৰাৰ উপৰিও জম্মু – কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰূদ্ধে চলোৱা অভিযানতো নিয়োজিত আছিল। আনকি ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী বাহিনীৰ অধীনত মিছন কছভো অভিযানত নিয়োজিত হৈ বাহিনীটোৰ লগতে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছিল। ইফালে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত তেঁও মুখ্য কাৰ্যালয়ৰ সভাগৃহত গুৱাহাটী ফ্ৰন্টিয়াৰৰ উচ্চপদস্থ বিষয়া সকলৰ সৈতে ভাৰত – বাংলাদেশ আন্তৰ্জাতিক সীমান্তৰ গুৱাহাটী ফ্ৰন্টিয়াৰৰ অধীনস্থ এলেকাৰ শেহতীয়া পৰিস্থিতিৰ বুজ লয়।
Trending
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন