ভাৰত বাংলাদেশ আৰু ভাৰত -পাকিস্তানৰ আন্তৰ্জাতিক সীমান্তৰ নিৰাপত্তা , পহৰা আদি কাৰ্যৰ দায়িত্বত থকা সীমান্ত নিৰাপত্তা বাহিনী চমুকৈ বি এছ এফৰ গুৱাহাটী ফ্ৰন্টিয়াৰৰ মহা পৰিদৰ্শক হিচাপে ৯ অক্টোবৰত দায়িত্বভাৰ গ্ৰহণ কৰিছে সঞ্জয় গৌৰে। ৯ অক্টোবৰত বি এছ এফৰ আজাৰা পাটগাঁওস্থিত গুৱাহাটী ফ্ৰন্টিয়াৰ মুখ্য কাৰ্যালয়ত নৱ নিযুক্ত মহা পৰিদৰ্শক সঞ্জয় গৌৰে দায়িত্বভাৰ গ্ৰহণ কৰে। উল্লেখ্য যে বি এছ এফৰ ১৯৮৯ বেটছৰ বিষয়া সঞ্জয় গৌৰে সহকাৰী অধিনায়ক হিচাপে বাহিনীটোত কৰ্ম জীৱন আৰম্ভ কৰিছিল। বাহিনীটোত এজন নিষ্ঠাবান, দক্ষ আৰু অভিজ্ঞতাপুষ্ট বিষয়া হিচাপে সুনাম থকা সঞ্জয় গৌৰে বিগত সময়চোৱাত ভাৰত – পাকিস্তান আৰু ভাৰত – বাংলাদেশৰ আন্তৰ্জাতিক সীমান্তৰ বহু দুৰ্গম ঠাইত কৰ্ম সম্পাদন কৰাৰ উপৰিও জম্মু – কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰূদ্ধে চলোৱা অভিযানতো নিয়োজিত আছিল। আনকি ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী বাহিনীৰ অধীনত মিছন কছভো অভিযানত নিয়োজিত হৈ বাহিনীটোৰ লগতে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছিল। ইফালে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত তেঁও মুখ্য কাৰ্যালয়ৰ সভাগৃহত গুৱাহাটী ফ্ৰন্টিয়াৰৰ উচ্চপদস্থ বিষয়া সকলৰ সৈতে ভাৰত – বাংলাদেশ আন্তৰ্জাতিক সীমান্তৰ গুৱাহাটী ফ্ৰন্টিয়াৰৰ অধীনস্থ এলেকাৰ শেহতীয়া পৰিস্থিতিৰ বুজ লয়।
Trending
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী
- গুৱাহাটী বিশ্ববিদ্যালয়ত নৱাগত স্নাতকোত্তৰ শিক্ষাৰ্থী
- Assam Down Town University Holds an Interactive Session on Graphology Analysis
- Finance Minister Jayanta Mallabaruah Inspects Erosion Affected Jamuguri in Bihpuria- Directs Long-Term Protective Measures