ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীৰ কাষৰীয়া বিক্ৰমপুৰত আজি অসমীয়া জাতিৰ জনক স্বৰূপ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৬ সংখ্যক জন্ম জয়ন্তী উৎসৱ পালন কৰা হয় । উদযাপন সমিতিৰ প্ৰচাৰ বিভাগৰ দায়িত্ববাহী তথা জ্যেষ্ঠ সাংবাদিক জোন ৰাভাই জানিবলৈ দিয়া মতে শংকৰদেৱ সংঘৰ বিক্রমপুৰ প্ৰাথমিক শাখাৰ উদ্যোগত অনুষ্ঠিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম জয়ন্তী উৎসৱৰ লগত সংগতি ৰাখি দিনৰ ১০ বজাত এক বিশাল ভাগৱত শোভাযাত্ৰা উলিওৱা হয়। বিক্রমপুৰ প্ৰাথমিক শাখাৰ সভাপতি কিৰণ চন্দ্র নাথ আৰু সম্পাদক চন্দধৰ দাসৰ নেতৃত্বত উলিওৱা ভাগৱত শোভাযাত্ৰাত পুৰুষ – মহিলা নিৰ্বিশেষে তিনি শতাধিক লোকে ভাগ লয়। ইয়াৰ পূৰ্বে ৰাতিপুৱা ৬ বজাত নামঘৰ প্ৰাঙ্গনত ধর্মধবজা উত্তোলন কৰে কিৰণ চন্দ্র নাথে । দিনত ১১ বজাৰ পৰা ভাগৱত পাঠ আৰু বিয়লি ২ বজাত এখন ধৰ্মালোচনী সভা অনুষ্ঠিত হয়। তাৰ পাছত অঞ্চলটোৰ মহিলা সকলে দিহা নাম পৰিবেশন কৰে। সন্ধিয়া বিক্ৰমপুৰ প্ৰাথমিক শাখাৰ নামঘৰত সমূহীয়াভাৱে বন্তি প্ৰজ্বলন কৰি মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্ম জয়ন্তীৰ কাৰ্যসূচীৰ সামৰণি মৰা হয়।
Trending
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী
- গুৱাহাটী বিশ্ববিদ্যালয়ত নৱাগত স্নাতকোত্তৰ শিক্ষাৰ্থী
- Assam Down Town University Holds an Interactive Session on Graphology Analysis
- Finance Minister Jayanta Mallabaruah Inspects Erosion Affected Jamuguri in Bihpuria- Directs Long-Term Protective Measures
- Minister Kaushik Rai Steps Up Efforts to Prevent Urban Flooding in Guwahati