শক্তি পীঠ কামাখ্যা মন্দিৰত হাৰিয়ানাৰ মুখ্যমন্ত্ৰীৰ পূজা – অৰ্চনা – দুপৰীয়া খানামুখত বিজেপি নেতা ফণীন্দ্ৰ নাথ শৰ্মাৰ ঘৰত আহাৰ গ্ৰহণ , মুখ্যমন্ত্ৰী আৰু ফণীন্দ্ৰ নাথ শৰ্মাৰ সাংগঠনিক দক্ষতাক ভূয়সী প্ৰশংসা

0 38

সদ্য সমাপ্ত হাৰিয়ানা বিধানসভা নিৰ্বাচনত বিজেপিয়ে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পাছত দুদিনীয়া ব্যক্তিগত ভ্ৰমণসুচীৰে কালি বিয়লি বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হৈছিল হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নয়াব সিং চাইনি । তেওঁৰ লগত আহিছিল সহধৰ্মিনী আৰু পৰিয়ালৰ দুজনমান সদস্য , বিজেপিৰ হাৰিয়ানাৰ দায়িত্ববাহী তথা গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ খানামুখ নিবাসী ফণীন্দ্ৰ নাথ শৰ্মা , বিজেপিৰ হাৰিয়ানা প্ৰদেশৰ সভাপতি মোহন লাল কৌশিক । কালি নিশাটো হোটেল তাজ ভিভান্তত কটোৱাৰ পাছত আজি পুৱা প্ৰায় ৮.৩০ মান বজাত শক্তিপীঠ কামাখ্যা মন্দিৰত সহধৰ্মিনী আৰু পৰিয়ালৰ আন সদস্যৰে সৈতে উপস্থিত হয় হাৰিয়ানাৰ মুখ্যমন্ত্ৰী গৰাকী । তেঁওৰ লগত আহে ফণীন্দ্ৰ নাথ শৰ্মা, অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংঘলকে ধৰি বিজেপিৰ কেবাজনো দলীয় নেতা । আনহাতে কামাখ্যা মন্দিৰত প্ৰায় আধাঘণ্টা ধৰি পূজা – অৰ্চনা কৰে মুখ্যমন্ত্ৰী আৰু পৰিয়ালৰ সদস্যসকলে। পূজা – অৰ্চনা কৰাৰ পাছত কামাখ্যা দলৈ সমাজৰ কাৰ্যালয়ত বৰদলৈ কৱীন্দ্ৰ প্ৰসাদ শৰ্মা আৰু সৰুদলৈ হিমাদ্ৰী শৰ্মাই মুখ্যমন্ত্ৰী গৰাকীক কামাখ্যা মন্দিৰৰ পৰম্পৰাৰে আদৰণি জনোৱা হয়। আনহাতে মন্দিৰত উপস্থিত সাংবাদিকক হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নয়াব সিং চাইনিয়ে কয় – হাৰিয়ানাৰ ৰাইজৰ সৰ্বাংগীন উন্নয়ন , মঙ্গলৰ বাবে মা কামাখ্যাৰ ওচৰত প্ৰাৰ্থনা জনাইছো । অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এজন গতিশীল আৰু অনুভবী নেতা । হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমে উন্নয়নৰ দিশত দোপত দোপে আগবাঢ়িছে । ইফালে কামাখ্যা মন্দিৰৰ পৰা হাৰিয়ানাৰ মূখ্যমন্ত্ৰী গৰাকী পোনে পোনে ৰাওনা হয় বশিষ্ঠত থকা প্ৰদেশ বিজেপিৰ মূখ্য কাৰ্যালয়লৈ। তাত দলীয় কাৰ্যসূচীত ভাগ লৈ মুখ্যমন্ত্ৰী গৰাকী দুপৰীয়া আহে আজাৰা থানাৰ অন্তৰ্গত খানামুখত থকা ফণীন্দ্ৰ নাথ শৰ্মাৰ নিজ বাসগৃহত। মুখ্যমন্ত্ৰী গৰাকীক তাত সংগ দিয়ে অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংঘল , বিজেপিৰ জ্যেষ্ঠ নেতা বিজয় কুমাৰ গুপ্তা , গুৱাহাটী জিলা সমিতিৰ সভাপতি তপন চন্দ্ৰ দাসকে ধৰি কেবাজনো জ্যেষ্ঠ নেতাই । তাত তেওঁলোকে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে। আনকি বিজেপিৰ খানামুখ বুথ কমিটিৰ সভাপতি ধীৰাজ কলিতা ( দুলু) , অনিল কলিতাকে ধৰি দলৰ তৃণমূল পৰ্য্যায়ৰ কেবাজনো নেতাই গামোচাৰে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী আৰু প্ৰদেশ বিজেপিৰ সভাপতি গৰাকীক আদৰণি জনায়। ইফালে ফণীন্দ্ৰ নাথ শৰ্মাৰ পৰিয়ালৰ লোকে হাৰিয়ানাৰ মুখ্যমন্ত্ৰীসহ তেওঁলোকৰ পৰিয়ালৰ সদস্য সকলক সম্পুৰ্ণ অসমীয়া পৰম্পৰাৰে আপ্যায়ন কৰে । জানিব পৰা মতে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী আৰু তেঁওৰ সহধৰ্মিনীয়ে অসমীয়া পৰম্পৰাগত খাদ্যৰ ভূয়সী প্ৰশংসা কৰে। বিশেষকৈ কম তেল, কম মচলা ব্যৱহাৰ কৰি প্ৰস্তুত কৰা খাদ্য স্বাস্থ্যসন্মত আৰু বিশ্বমানৰ বুলি ফণীন্দ্ৰ নাথ শৰ্মাৰ পৰিয়ালৰ লোক সকলক হাৰিয়ানাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে উচ্চ প্ৰসংশা কৰে । আনহাতে ফণীন্দ্ৰ নাথ শৰ্মাৰ ঘৰত আহাৰ গ্ৰহণ কৰাৰ পাছত সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত হাৰিয়ানাৰ মূখ্যমন্ত্ৰী গৰাকীয়ে কয় নিৰ্বাচনৰ পূৰ্বে যোৱা ৩ আগষ্টত মা কামাখ্যাৰ আশীৰ্বাদ লবলৈ গুৱাহাটীলৈ আহিছিলো। আৰু আজি বিজয়ী হৈ চৰকাৰ গঠন কৰাৰ প্ৰাকক্ষণত পুনৰ মা কামাখ্যাৰ আশীৰ্বাদ লবলৈ আহিছো। হাৰিয়ানাত একেৰাহে তৃতীয় বাৰৰ বাবে বিজেপিৰ নেতৃত্বত ৰাইজৰ আশীৰ্বাদত চৰকাৰ গঠন হব। এন ডি এৰ অংশীদাৰী দল সমূহৰ নেতৃবৃন্দৰ উপস্থিতিত অহা ১৭ অক্টোবৰত দ্বিতীয় বাৰৰ বাবে মই হাৰিয়ানাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিম। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু দলৰ নেতা ফণীন্দ্ৰ নাথ শৰ্মাই সদ্য সমাপ্ত হাৰিয়ানা বিধানসভা নিৰ্বাচনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। ডঃ হিমন্ত বিশ্ব শৰ্মা দেউতা বিজেপিৰ এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা। ডঃ শৰ্মাই হাৰিয়ানাত পাচঁটা বিধানসভা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰৰ দায়িত্বত আছিল। তাৰ ভিতৰত তিনিটাত বিপুল ভোটৰ ব্যৱধানত বিজেপিৰ প্ৰাৰ্থী বিজয়ী হোৱাৰ বিপৰীতে দুটা সমষ্টিত মাত্ৰ ৩২ টাৰ পৰা ৯০ টা ভোটৰ ব্যৱধানত দলৰ দুগৰাকী প্ৰাৰ্থী পৰাজিত হৈছে । তেনেদৰে ফণীন্দ্ৰ নাথ শৰ্মা দলৰ এগৰাকী সাংগঠনিক দিশত দক্ষতা থকা নেতা। তেঁওৰ মাৰ্গদৰ্শনত আমাৰ দলে হাৰিয়ানাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। হাৰিয়ানাৰ নিৰ্বাচনত বিজেপিৰ ভাল ফলাফলত শৰ্মাৰ ভূমিকা আছিল গুৰুত্বপূৰ্ণ। ইফালে নিৰ্বাচনত পৰাজিত হোৱাৰ পাছত ই ভি এম মেচিনক দোষাৰোপ কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় নিৰ্বাচনত পৰাজিত হলে ই ভি এম মেচিনক দোষ দিয়াটো কংগ্ৰেছ দলৰ এটা পুৰণি অভ্যাস । তেনে হোৱা হলে বিজেপিৰ আঠ – দহজনমান প্ৰাৰ্থী মাত্ৰ ৩০ ৰ পৰা ৫০০ মান ভোটৰ ব্যৱধানত পৰাজিত হব নালাগিলেহেতেন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কুশল নেতৃত্বত দেশ আজি বিকাশৰ দিশলৈ আগুৱাই গৈছে। অসমৰ দৰে হাৰিয়ানাতো ডাবল ইঞ্জিনৰ চৰকাৰ গঠন হৈছে বুলি মূখ্যমন্ত্ৰী গৰাকীয়ে ব্যক্ত কৰে। আনহাতে সাংবাদিকৰে সৈতে হোৱা চমু বাৰ্তালাপত ফণীন্দ্ৰ নাথ শৰ্মাই কয় তেঁও দলৰ সাংগঠনিক দিশত নিজকে সমৰ্পিত কৰিছে। দলৰ ৰাষ্ট্ৰীয় নেতৃত্বই তেঁওক হাৰিয়ানাৰ সাংগঠনিক দিশ শক্তিশালী কৰাৰ বাবে দায়িত্ব দিছে। তেঁও তাক সাধ্যানুসৰি পালন কৰিবলৈ চেষ্টা চলাই যাব। ইফালে প্ৰায় ডেৰ ঘণ্টা খানামুখত কটোৱাৰ পাছত বিয়লি ডেৰ বজাত হাৰিয়ানাৰ মুখ্যমন্ত্ৰী গৰাকী বৰঝাৰ বিমানবন্দৰ অভিমুখে ফণীন্দ্ৰ নাথ শৰ্মাৰ সৈতে ৰাওনা হয । অসমৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বিমান বন্দৰৰত মুখ্যমন্ত্ৰী গৰাকীক আগবঢ়াই দিয়ে অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংঘলে। উল্লেখ্য যে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী গৰাকীৰ আগমণ উপলক্ষে অসম চৰকাৰে ফণীন্দ্ৰ নাথ শৰ্মাৰ ঘৰলৈ অহা – যোৱা কৰা পথৰ উপৰি সমগ্ৰ যাত্ৰাপথত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছিল।

Leave A Reply

Your email address will not be published.