দেশভক্ত তৰুণৰাম ফুকন ইন্দোৰ ষ্টেডিয়ামত কালি সন্ধিয়া জু-জিৎছু এচোছিয়েশ্যন, অসমৰ উদ্যোগত দ্বিতীয় বাৰ্ষিক জু-জিৎসু অসম ৰাজ্যিক চেম্পিয়নশ্বিপ প্ৰতিযোগিতাখন অনুষ্ঠিত হয় । বন্তি প্ৰজ্বলনৰে প্ৰতিযোগিতাখন উদ্ধোধন কৰে অসম ৰাজ্যিক অলিম্পিক সন্থাৰ উপ-সভাপতি বাণীব্ৰত দাসে । এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে জু-জিৎসু অসমৰ ৰাজ্যিক সমিতিৰ সভাপতি ৰীতুবৰণ শৰ্মা,বিশিষ্ট অতিথি হিচাপে উপসভাপতি অমল ডেকা,সম্পাদক সঞ্জয় কুমাৰ চাহু, জীতেন দত্ত,কামৰূপ জিলা সমিতিৰ সভাপতি ডাঃ উৎপল কলিতা উপস্থিত থাকি প্ৰতিযোগী সকলক উদ্দেশ্যি অনুপ্ৰেৰণা মূলক ভাষণ প্ৰদান কৰে।আনহাতে প্ৰতিযোগিতাত ১৬, ১৮ আৰু ২১ বয়সৰ তলৰ আৰু প্ৰাপ্তবয়স্ক সকলৰ ফালৰ ১৪ খন জিলাৰ লগতে ২৫০ জন খেলুৱৈয়ে ভাগ লয়।প্ৰতিযোগিতাত গোলাঘাট জিলাই শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰাৰ বিপৰীতে, শিৱসাগৰ জিলাই ৰাণাৰ্ছ আপ দলৰ সন্মান লাভ কৰে।শ্ৰেষ্ঠ দলক দধি মোহন সোঁৱৰণী বঁটা ( দাতা: অমল ডেকা ) প্ৰদান কৰা হয়।
Trending
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন