ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰণালয়ে গোটেই ভাৰতবৰ্ষতে আৰম্ভ কৰা মেৰা যুৱ ভাৰত অভিযানৰ প্ৰথম বাৰ্ষিকী উদযাপনৰ লগত সংগতি ৰাখি আগন্তুক দীপাৱলীৰ বতৰত ‘ দিৱালী উইথ মাই ভাৰত ‘ কাৰ্যসূচীৰ আয়োজন কৰিছে। উক্ত কাৰ্যসূচীৰ অংশ হিচাপে নেহেৰু যুৱ কেন্দ্ৰ মৰিগাঁৱে জিলাখনৰ স্বেচ্ছাসেৱী অনুষ্ঠানৰ সহযোগত যোৱা ২৭ অক্টোবৰৰ পৰা ৩০ অক্টোবৰলৈ বিশেষ কৰ্মসূচীৰ প্ৰস্তুত কৰিছে ।সেই উপলক্ষে ২৭ অক্টোবৰ তাৰিখে মৰিগাঁও জিলাৰ ভিন্ন স্বেচ্ছাসেৱী অনুষ্ঠানৰ পঞ্চাছ গৰাকী স্বেচ্ছাসেৱকৰ মাজত এক বিশেষ প্ৰশিক্ষণ কাৰ্যসূচীত জিলা যুৱ বিষয়া বিকাশ চন্দ্ৰ প্ৰধানে মেৰা যুৱ ভাৰত অভিযানৰ লক্ষ্য উদ্দেশ্য লগতে কাৰ্যসূচীৰ বিস্তৃত ব্যাখ্যা আগবঢ়ায় স্বেচ্ছাসেৱকসকলৰ দায়িত্ব কৰ্তব্য সম্পৰ্কে প্ৰশিক্ষণ দিয়ে।আজি ২৮ অক্টোবৰ তাৰিখে মৰিগাঁও মায়া বজাৰত জিলা যুৱ বিষয়া বিকাশ প্ৰধান আৰু গাণনিক আৰু কাৰ্যসূচী বিষয়া ধনঞ্জয় তালুকদাৰৰ নেতৃত্বত স্বেচ্ছাসেৱক-সেৱিকাসকলে বজাৰৰ চৌহদ পৰিস্কাৰ – পৰিচ্ছন্ন কৰাৰ লগতে ইয়াৰ ব্যৱসায়ীসকলে পৰিস্কাৰ -পৰিচ্ছন্নতাৰ সচেতনতা দাঙি ধৰে । কাৰ্যসূচীৰ অংশ হিচাপে কালিলৈ ২৯ অক্টোবৰ তাৰিখে মৰিগাঁও চহৰৰ ট্ৰেফিক পইন্টসমূহত যান-বাহনৰ বিভিন্ন সজাগতা সম্পৰ্কত প্ৰচাৰ পুস্তিকা লিফলেট আদি বিতৰণ কৰি স্বেচ্ছাসেৱকসকলে দিনজোৰা অভিযান চলাব আৰু ৩০ অক্টোবৰ তাৰিখে মৰিগাঁও অসামৰিক চিকিৎসালয়ত স্বেচ্ছাসেৱকসকলে ৰোগী আৰু অভিভাৱকসকলক বিভিন্ন সেৱা আগবঢ়াৱ বুলি নেহেৰু যুৱ কেন্দ্ৰৰ গাণনিক আৰু কাৰ্যসূচী বিষয়া ধনঞ্জয় তালুকদাৰে জানিবলৈ দিয়ে ।
Trending
- NECTAR Launches Organic Agriculture Project in Arunachal Under PM-DevINE Scheme
- পৰিৱেশ কৰ্মী, জেষ্ঠ সাংবাদিক উত্তম শইকীয়ালৈ অসম চৰকাৰৰ পৰিৱেশ মিত্ৰ সন্মান
- বিশ্ব পৰিবেশ দিবসত আই এ এছ এছ টিত চাৰিগৰাকী বিশিষ্ট পৰিবেশকৰ্মীক পৰিবেশ মিত্ৰ বঁটা প্ৰদান
- অসম খনিজ উন্নয়ন নিগম পৰিসীমিতৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ১ কোটি টকাৰ চেক প্ৰদান
- বিশ্ব পৰিৱেশ দিৱসত প্লাষ্টিক ব্যৱহাৰৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত সাংস্কৃতিক অনুষ্ঠান
- গুৱাহাটী বিশ্ববিদ্যালয়ত ভাৰতীয় জ্ঞান পৰম্পৰাৰ দৃষ্টিভংগীৰে বৌদ্ধ দৰ্শন শীৰ্ষক বক্তৃতানুষ্ঠান সম্পন্ন
- গুৱাহাটী প্ৰেছ ক্লাবত যোগ বিষয়ক আকস্মিক বক্তৃতা আৰু যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত
- সুধাকণ্ঠ ড০ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী-মুখ্যমন্ত্রী ড০হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত ৪জুনত মূল সমিতিৰ প্ৰথম খন সভা অনুষ্ঠিত
- DoHUA Minister Jayanta Mallabaruah Inspects Flood-Affected Areas in Guwahati
- বি এ আই চিৰ উদ্যোগত প্ৰদৰ্শনীমূলক মেলা আয়োজন