গুৱাহাটীৰ গড়চুকৰ কাষৰীয়া তথা আজাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত মইনাখোৰোংস্থিত শ্ৰী শ্ৰীকৃষ্ণ গীতা মন্দিৰ প্ৰাংগনত মন্দিৰৰ সৌজন্যত উদযাপন কৰি অহা ৰাস মহোৎসৱে এইবেলি ২৫ বছৰ পূৰ্ণ হোৱা উপলক্ষে ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ আয়োজন কৰিছে। সেই অনুসৰি অহা ১৫ নবেম্বৰৰৰ পৰা ২৫ নৱেম্বৰলৈ ১১ দিনীয়া কাৰ্যসূচীৰে পামহী আঞ্চলিক ৰাস মহোৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰা হব। ৰাস মহোৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচী সুচাৰুৰূপে পৰিচালনা কৰিবলৈ বিশিষ্ট সমাজকৰ্মী দীপক চন্দ্ৰ বড়োক (কুলি) সভাপতি , উৎপল কুমাৰ দাসক কাৰ্যকৰী সভাপতি, পুনাল বড়ো আৰু ধীৰাজ টুমুংঙক উপ সভাপতি, বলেশ্বৰ ৰংপী আৰু জয়ন্ত টুমুংঙক সাধাৰণ সম্পাদক , হৰদ্বীপ বড়ো , সুৰজ টেৰণ , হৰিচন্দ্ৰ ৰংপী আৰু সুৰজ বড়োক সহকাৰী সম্পাদক হিচাপে লৈ এখন কাৰ্যকৰী সমিতি , কেবাখনো উপ সমিতি গঠন কৰা হৈছে। আনহাতে ৰাস মহোৎসৱৰ আটাইকেইদিনতে পুৱা পূজা আৰম্ভ, বিয়লি গীতা পাঠ আৰু নামতি দলে নাম পৰিৱেশন কৰিব। ইফালে ২৩ অক্টোবৰৰ দিনা ৰাস মহোৎসৱথলীত আগন্তক ৰাস মহোৎসৱৰ লাইখুটা স্থাপন কৰা হয়। উপস্থিত ৰাইজৰ বিপুল হৰ্ষধ্বনিৰ মাজত মাংগলিক কাৰ্যৰ মাজেৰে লাইখুটা স্থাপন কৰে ৰাস মহোৎসৱ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি উৎপল কুমাৰ দাসে । এই উপলক্ষে উদযাপন সমিতিৰ সভাপতি দীপক চন্দ্ৰ বড়োৱে আঁত ধৰা অনুষ্ঠানত ভাষণ প্ৰসংগত উৎপল কুমাৰ দাসে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলৰ মিলনভূমি বৃহত্তৰ গড়চুক, পামহী অঞ্চলত ৰাস মহোৎসৱখনে সম্প্ৰীতিৰ বাণী কঢ়িয়াই আহিছে বুলি সদৰি কৰে। অনুষ্ঠানত উদযাপন সমিতিৰ কেবাজনো কৰ্মকৰ্তা , শ্ৰী শ্ৰীকৃষ্ণ গীতা মন্দিৰ পৰিচলনা সমিতিৰ সভাপতি গোবিন্দ চন্দ্ৰ বড়ো, কাৰ্যকৰী সভাপতি মৰ্মেশ্বৰ বড়ো, উপ সভাপতি কৰুণা কান্ত বৰা সাধাৰণ সম্পাদক আনন্দ ৰাম বড়োকে ধৰি কেবাজনো কৰ্মকৰ্তা, অঞ্চলটোৰ বিভিন্ন দল – সংগঠনৰ প্ৰতিনিধি আৰু বহু বিশিষ্ট লোক উপস্থিত থাকে।
Trending
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন