গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত কালিৰে পৰা দুদিনীয়াকৈ বিশ্ববিদ্যালয় চৌহদত অনুষ্ঠিত জাপান কাৰ্নিভাল – ২০২৪ ৰ আজি সন্ধিয়া সামৰণি পৰে । বিশ্ববিদ্যালয়খনৰ ইংৰাজী আৰু বিদেশী ভাষা বিভাগৰ উদ্যোগত আৰু জাপান ফাউণ্ডেশন, নতুন দিল্লীৰ সহযোগত অনুষ্ঠিত এই অনুষ্ঠানত জাপানী সংস্কৃতিৰ পৰম্পৰাক উদযাপন কৰাৰ লগতে ভাৰত আৰু জাপানৰ মাজত এক গভীৰ সম্পৰ্ক গঢ়াৰ প্ৰচেষ্টা গ্ৰহণ কৰা হয়। জাপান কৰ্নিভালৰ মাজেৰে জাপানী জীৱন আৰু সংস্কৃতিৰ বিভিন্ন দিশৰ পৰিচয় দিয়া হয়, য’ত পৰম্পৰাগত খেলা, ইউকাটা ফেশ্বন (এক পৰম্পৰাগত জাপানী পোচাক), চিনেমা স্ক্ৰীণিং আৰু ক’ছপ্লে অৰ্থাৎ ক’ষ্টিউম আৰু নাটকৰ সংমিশ্ৰন অন্তৰ্ভুক্ত আছিল। ক’স্প্লে হৈছে এক অভিনয়শিল্প য’ত অংশগ্ৰহণকাৰীসকলে জনপ্ৰিয় সংস্কৃতিৰ চাৰা ছবি, এনিমেচন, মাঙ্গা, টিভি চিৰিজ, সংগীত পৰফৰ্মেন্স আৰু ভিডিঅ’ গেমৰ বিভিন্ন চৰিত্ৰৰ ৰূপ লয় আৰু দৃশ্য পৰিসৰিত কৰে। লগতে, বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে জাপানী ভাষাৰ সৰু পাঠদান আগবঢ়ায়, য’ত হিৰাগানা আখৰ আৰু সংখ্যা শিকোৱা হৈছিল । লগতে পৰিয়ালৰ সদস্যৰ নাম আৰু জাপানী ভাষাত শ্ৰেণী কোঠাৰ মৌলিক অভিব্যক্তি প্ৰদৰ্শন কৰাৰ অনুশীলন কৰা হয় ।কাৰ্যসূচীৰ লগত সংগতি ৰাখি এক ইণ্টাৰেক্টিভ কুইজো অনুষ্ঠিত হৈছিল, য’ত জাপানী ইতিহাস, ভূগোল আৰু সংস্কৃতিৰ বিষয়ে প্ৰশ্ন কৰা হৈছিল। ৮ নৱেম্বৰত শ্ৰীমন্ত শঙ্কৰ একাডেমী ছচাইটিৰ সভাপতি যশোদা ৰঞ্জন দাসৰ অভিবাদন ভাষণৰ দ্বাৰা অনুষ্ঠানৰ আৰম্ভনি হৈছিল । অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, অধ্যাপক কন্দৰ্প দাসে ভাষণ প্ৰসংগত ভাৰত আৰু জাপানৰ মাজৰ মজবুত বন্ধুত্বৰ বিষয়ে উল্লেখ কৰি কয় যে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ে ভাৰতত জাপানৰ বিষয়ে অধিক তথ্য লাভৰ এক বিশেষ প্রয়াস ৰূপে ছাত্ৰ-ছাত্ৰীক জাপানী ভাষা আৰু সংস্কৃতিৰ অধ্যয়ন আৰু উদযাপন কৰিবলৈ সুযোগ প্ৰদান কৰিছে। অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে ভাগ লৈ নতুন দিল্লীস্থিত জাপানৰ দূতাবাসৰ টাকাছি কোবায়াছি আৰু জাপান ফাউণ্ডেশ্যনৰ সঞ্চালক প্ৰধান কোজি সাটোয়ে ভাষণ প্ৰদান কৰে। অনুষ্ঠানত জাপান দূতাবাসৰ জনসংযোগ আৰু সাংস্কৃতিক বিভাগৰ প্ৰথম সচিব কোবায়াছিয়ে ভাষণ প্ৰসংগত জাপান আৰু ভাৰতৰ মাজত থকা পাৰস্পৰিক সম্পৰ্কৰ ওপৰত আলোকপাত কৰে।
Trending
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি
- পথিকৰ উদ্যোগত পদুমবড়ীত বিনামূলীয়া স্বাস্থ্য আৰু চকু পৰীক্ষা শিবিৰ সম্পন্ন
- কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত জালুকবাৰী থানা এলেকাৰ দুৰ্গা পূজা উদযাপন আৰু বিসৰ্জন বিষয়ক সভা সম্পন্ন
- Bringing Healthcare Closer to People: Health Camp Held in Kamrup under Seva Sankalp Abhiyan
- চি আৰ পি এফৰ প্ৰথমটো মহিলা বেটেলিয়ানৰ ৪০ বছৰীয়া বৰ্ষপূৰ্তিত ভাগ ললে দ্বিতীয় কমাণ্ড অধিকাৰী মীনা দাস বৰাসহ কেবাজনো অসমীয়া বিষয়া – জোৱানে
- অসমত HPV টিকাকৰণ অভিযান আৰু নিয়মীয়া টিকাকৰণৰ পৰ্যালোচনা
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত নতুন ৰূপত ডঃ ভূপেন হাজৰিকা সন্মিলন কক্ষ