জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ আজিৰ ওপজা দিনটোক বিশেষ কৰি তুলিলে গুৱাহাটীৰ বেলতলা বহাগী উৎসৱ উদযাপন সমিতিয়ে। অসমৰ সমাজ জীৱন তথা সাংস্কৃতিক ক্ষেত্ৰখনলৈ সুদীৰ্ঘদিনে আগবঢ়োৱা অনৱদ্য অৱদানৰ বাবে আজি এই বিশেষ দিনটোত শিল্পীগৰাকীলৈ জন্মদিনৰ শুভেচ্ছা জনাই বেলতলা বহাগী উৎসৱ উদযাপন সমিতিয়ে ২০২৫ বৰ্ষৰ ড০ ভূপেন হাজৰিকা বঁটা আগবঢ়োৱাৰ কথা ঘোষণা কৰে। বেলতলা পূবেৰুণ সংঘৰ ইনডৰ হলত আজি দিনৰ ১১ বজাত অনুষ্ঠিত এখন সংবাদ মেলত বেলতলা বহাগী উৎসৱ উদযাপন সমিতিৰ সাধাৰণ সম্পাদক সঞ্জয় গোস্বামীয়ে এই বঁটা ঘোষণা কৰি সংবাদ মাধ্যমৰ আগত আৰু কয় যে জুবিন গাৰ্গে অসমৰ সাংস্কৃতিক দিশত বহু অৱদান আগবঢ়াইছে। আমি শিল্পীগৰাকীৰ দীৰ্ঘায়ু কামনা কৰিছো আৰু আগন্তুক দিনত আৰু ন ন গীতৰ লগতে সাংস্কৃতিক দিশত উৎসাহেৰে কাম কৰি যাওক। এই বঁটাত শিল্পীগৰাকীক মানপত্ৰ, স্মাৰক, ফুলাম জাপি, শৰাই, ২ লাখ টকাৰ এখন চেক আৰু অন্যান্য উপহাৰ প্ৰদান কৰা হ’ব। পূৰ্বৰ পৰম্পৰা অটুত ৰাখি ২০২৫ চনৰ বেলতলা বহাগী উৎসৱ উদযাপন সমিতিৰ বহাগী উৎসৱত এই বঁটা প্ৰদান কৰা হ’ব। উল্লেখযোগ্য যে বেলতলা বহাগী উৎসৱ উদযাপন সমিতিয়ে ২০১২ চনৰ পৰা ড০ ভূপেন হাজৰিকা বঁটা প্ৰদান কৰি আহিছে। ইয়াৰ ভিতৰত দিপালী বৰঠাকুৰ, জ্ঞানদা কাকতি, পাৰবিন চুলতানা, সুদর্শণা শর্মা, ড° লক্ষহীৰা দাস, জর্জ বেকাৰ, ৰবীনা টেণ্ডন আদি অন্যতম। সংবাদ মেলত বেলতলা বহাগী উৎসৱ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি বিজয় বড়ো, উপ সভাপতি বিচিত্র বড়ো, সাংস্কৃতিক সম্পাদক জয়ন্ত বড়োকে ধৰি ধনজিত চৌধুৰী, চন্দন কুমাৰ শইকীয়া আদি উপস্থিত থাকে।
Trending
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ