অসম চৰকাৰৰ খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ অন্তৰ্গত অসম প্রত্নতত্ত্ব সঞ্চালকালয়ৰ দ্বাৰা স্বৰ্গদেউসকলৰ স্মৃতি তর্পণ সমিতি, চৰাইদেউৰ সহযোগত ‘বিশ্ব ঐতিহ্য সপ্তাহ” আজিৰেপৰা অবা ২৫ নৱেম্বৰলৈকে চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰত উদযাপন কৰা হ’ব। এই উপলক্ষে অহা আজি ‘বিশ্ব ঐতিহ্য সপ্তাহ’ৰ উদ্বোধনী অনুষ্ঠান আয়োজন কৰা হয়। সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে মুখ্য অতিথিৰ আসন অলংকৃত কৰা বিশ্ব ঐতিহ্য সপ্তাহৰ উদ্বোধনী অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি সভাৰ সৌষ্ঠভ বৃদ্ধি কৰে অসম বাজ্যিক পৰ্যটন বিকাশ নিগমৰ অধ্যক্ষ ঋতুপর্ণ বৰুৱাই। গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সব্যসাচি মহন্ত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থকা উদ্বোধনী অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰি অসম প্ৰত্নতত্ব সঞ্চালকালয়ৰ সঞ্চালিকা ড° দীপিৰেখা কুলিয়ে আহোম ৰাজত্বকালৰ গৌৰৱময় ঐতিহ্য বহনকাৰী চৰাইদেউ মৈদাম ক্ষেত্ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত হোৱাৰ পাছত চৰাইদেউ মৈদাম পৰিদৰ্শন কৰিবলৈ পূৰ্বৰ তুলনাত এইবাৰ অধিক পৰ্যটকৰ আগমণ ঘটিছে বুলি মন্তব্য আগবঢ়ায়। আনহাতে নিৰ্দিষ্ট বক্তা ড° সব্যসাচী মহন্তই বিশ্ব ঐতিহ্য ক্ষেত্ৰ স্বীকৃতি লাভ কৰা চৰাইদেউ মৈদাম ক্ষেত্ৰৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ ৰাইজৰ বাবে এতিয়া যথেষ্ট সম্ভাৱনাই গা কৰি উঠিছে বুলি মন্তব্য কৰি আগন্তুক দিনত যথেষ্ট সংখ্যক যুৱক-যুৱতীয়ে এই ক্ষেত্ৰত স্বনিয়োজনৰ সন্ধান পাব বুলিও কয়। আনহাতে পৰ্যটন বিকাশ নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাই স্থানীয় ৰাইজৰ সহযোগিতা অবিহনে অঞ্চলটোত পৰ্যটন কেন্দ্ৰ গঢ়ি তোলা টো কঠিন হ’ব, গতিকে এক সুস্থ পৰ্যটনৰ পৰিৱেশ গঢ়ি তুলিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়। প্ৰত্নতত্ব সঞ্চালকালয়ৰ উপ সঞ্চালক ড° নৱজিৎ দেউৰীয়ে শলাগৰ শৰাই আগবঢ়োৱা অনুষ্ঠানটোৰ মুখ্য অতিথি সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে চৰাইদেউ মৈদাম ক্ষেত্ৰৰ আন্তঃগাথঁনি উন্নয়নৰ বাবে চৰকাৰ সদায় প্ৰস্তুত থকা বুলি মন্তব্য কৰা লগতে চৰকাৰৰ সদিচ্ছা থকা বাবেই অসম প্ৰত্নতত্ব সঞ্চালকালয় তথা বিশেষজ্ঞ ড° কেচি নোৰিয়েলৰ তত্বাৱধানত চৰাইদেউ মৈদাম ক্ষেত্ৰই বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰা বুলি কয়। আগন্তুক দিনত চৰাইদেউ মৈদাম ক্ষেত্ৰলৈ কেনেদৰে দেশী-বিদেশী পৰ্যটকক আকৰ্ষিত কৰিব পাৰি আৰু পৰ্যটকসকলক কিদৰে সা-সুবিধা প্ৰদান কৰিব পাৰি এই সন্দৰ্ভত চৰকাৰে ইতিমধ্যে চিন্তা-চৰ্চা অব্যাহত ৰখা বুলিও মন্তব্য কৰে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। মন কৰিবলগীয়া যে আজিৰেপৰা আৰম্ভ হোৱা বিশ্ব ঐতিহ্য সপ্তাহৰ কাৰ্যসূচী অনুসৰি চৰাইদেউ মৈদাম ক্ষেত্ৰত চিত্ৰাংকণ, ৰচনা প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰাৰ লগতে হোজাই জিলাৰ ৰাজমোহন নাথ প্ৰত্নতাত্বিক উদ্যান আৰু কামৰূপ জিলাৰ কানাই বৰশী বোৱা প্ৰত্নতাত্বিক স্থানত ঐতিহ্য সংৰক্ষণৰ সজাগতা সভা অনুষ্ঠিত কৰা হ’ব। আনহাতে ২৫ নৱেম্বৰত চৰাইদেউ পৰ্যটন তথ্য কেন্দ্ৰত অনুষ্ঠিত হ’বলগীয়া ঐতিহ্য সপ্তাহৰ সামৰণি অনুষ্ঠানত মন্ত্ৰী নন্দিতা গাৰ্লোচা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।
Trending
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি
- NECTAR Celebrates National Science Day 2026 with Student Innovation Exhibition in Shillong
- বটদ্রৱাত শ্রীশ্রীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি সন্দৰ্ভত সংবাদমেল
- বাঁহৰ আ অলংকাৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান মুকলি