বাক্সা আৰু তামুলপুৰ জিলাৰ সীমান্তৱৰ্তী জাৰতালুক অঞ্চলত দুদিনীয়া নেৰানেপেৰা প্ৰচেষ্টাৰ অন্তত ১৮ নৱেম্বৰত এটা হাতীৰ জাকৰ দলপতি মখনাৰ গাত ৰেডিঅ’ ক’লাৰ স্থাপন কৰিবলৈ সক্ষম হয় বাক্সাৰ বন সংমণ্ডল বিষয়া। ইয়াৰ ফলত হাতীৰ জাকটোৰ গতিবিধি উপগ্ৰহৰ জৰিয়তে নিৰীক্ষণ কৰিবলৈ সক্ষম হ’ব জিলা প্ৰশাসনৰ লগতে বন বিভাগ, যাৰ বাবে জনাঞ্চলত হাতীৰ উপস্থিতি আগতীয়াকৈ গম পোৱা যাব। ৰেডিঅ’ ক’লাৰিং প্ৰকল্পটো হৈছে ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ এক উল্লেখনীয় পদক্ষেপ। ৰেডিঅ’ ক’লাৰিং প্ৰকল্পত হাতীৰ জাকটোৰ গতিবিধি লক্ষ্য কৰিবৰ বাবে “অপাৰেছন ৰেডিঅ’ ক’লাৰিং প্ৰকল্প”ৰ সৈতে জড়িত আছে বাক্সা জিলাৰ জিলা বন বিষয়া, পদ্মশ্ৰী কুশল কুমাৰ শৰ্মা আৰু মানস টাইগাৰ ৰিজাৰ্ভৰ বন পশু চিকিৎসা বিষয়া ডাঃ বি চৌধুৰী। বাক্সা, তামুলপুৰ আৰু নলবাৰী জিলা প্ৰশাসনে বন বিভাগক “অপাৰেছন ৰেডিঅ’ ক’লাৰিং প্ৰকল্প” সফলতাৰে সম্পন্ন কৰিবলৈ সহযোগিতা আগবঢ়ায়। বাক্সা-তামুলপুৰ জিলাৰ সীমান্তৱৰ্তী জাৰতালুকৰ দলঙৰ ওচৰত ১৮ নৱেম্বৰত মতা হাতীটোক ট্ৰেংকুলাইজ্ড কৰি ৰেডিঅ’ ক’লাৰিং সফলতাৰে সম্পন্ন কৰা হয়। ৰেডিঅ’ কলাৰিঙৰ খৰচ সামগ্ৰিকভাৱে ৭-৮ লাখ টকা, যিটো জিলা প্ৰশাসনে বহন কৰাটো অসম্ভৱ। সেয়ে যোৱা ১৪ নৱেম্বৰত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ অধ্যক্ষতাত অনুষ্ঠিত এখন সভাত তামুলপুৰ জিলা প্ৰশাসনে গুৱাহাটীৰ আই আই টিৰ সৈতে বন্যহস্তী অথবা যিকোনো বন্যপ্ৰাণীৰ সন্ধানৰ বাবে কম খৰচী থলুৱা ৰেডিঅ’ ক’লাৰ নিৰ্মাণৰ বাবে আলোচনা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। যদি সেয়া সম্ভৱ হয়, তেন্তে হস্তী-মানুহৰ সংঘাত বহু হ্ৰাস পাব। উল্লেখ্য যে চলিত বৰ্ষত জিলাখনৰ কুমাৰীকাটা বনাঞ্চলত ৪গৰাকী লোকৰ হাতীৰ আক্ৰমণত প্ৰাণহানি হোৱাৰ উপৰি এগৰাকী লোক আহত হৈছিল।
Trending
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা