অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ-২০২৫ত যথাসম্ভব বেছিসংখ্যক যুৱকে অংশগ্রহণ কৰিব লাগে বুলি মন্তব্য কৰি লগতে কয় যে উৎসৱটো পুনৰাই কল্পনা কৰা হৈছে আৰু ভাৰতৰ ভৱিষ্যৎ গঢ় দিয়াত যুৱক-যুৱতীৰ অংশগ্ৰহণ বৃদ্ধিৰ বাবে দৃষ্টিভংগী, পুনৰ কল্পিত উৎসব, বিকশিত ভাৰত যুৱ নেতা সংলাপ অনুষ্ঠিত হ’ব। দুই ডিচেম্বৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক তথা এন এছ এছ কার্যসূচী সমন্বয়ক সঞ্চালক ডঃ ৰঞ্জন কুমাৰ কাকতি, উত্তৰ-পূব এন এছ এছৰ আঞ্চলিক সঞ্চালক জংজিলং আৰু এন ৱাই কে এছৰ ৰাজ্যিক সঞ্চালক দীনবন্ধু সাহাই অসমৰ ৰাজ্যপালক ৰাজভৱনত সাক্ষাৎ কৰি বৰ্তমানৰ পৰিস্থিতিৰ বিষয়ে অৱগত কৰে আৰু লগতে অসমৰ বিকশিত ভাৰত যুৱ নেতা সংলাপ কার্যসূচীত যুৱক-যুৱতীসকল জড়িত হোৱাৰ বিষয়ে আলোচনা কৰে। প্ৰগতিশীল আৰু সৰ্বাংগীণ ভাৰত গঢ় দিয়াৰ প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি ৰাষ্ট্ৰ নির্মাণত যুৱক-যুৱতীসকলক অংশগ্ৰহণৰ বাবে অনুপ্রাণিত কৰাটোৱেই এই অনুষ্ঠানৰ উদ্দেশ্য। ২০২৫ চনৰ ১১-১২ জানুৱাৰীত নতুন দিল্লীৰ ভাৰত মণ্ডপত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় অনুষ্ঠানৰ বাবে মুঠতে ভাৰতৰপৰা প্ৰায় ৩০০০ যুৱক-যুৱতীক নির্বাচিত কৰা হ’ব। ১৫-২৯ বছৰ বয়সৰ যুৱক- যুবতীসকলে https://mybharat.gov.inত লগইন কৰি বিকশিত ভাৰত কুইজ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পাৰে বা https://quiz2.mygov.inত লগইন কৰিব পাৰে। প্ৰতিযোগিতাৰ অন্তিম দিন চলিত বৰ্ষৰ ৫ ডিচেম্বৰ।
Trending
- আগন্তুক দিনত ৰাজ্যত পুনৰ গাজনি, ঢেৰেকনি , বজ্ৰপাত , ধুমুহাৰ সৈতে প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা
- ৰাণীৰ জয়পুৰত বন বিভাগৰ উদ্যোগত বিশ্ব ধৰিত্ৰী দিৱস পালন
- খানামুখত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত “মায়াবিনী ৰাতি” শীৰ্ষক সাংস্কৃতিক অনুষ্ঠান
- অসম বন বিদ্যালয়ত বন্যপ্ৰাণী বিশেষজ্ঞ ডঃ আনোৱাৰুদ্দিন চৌধুৰীৰ গ্ৰন্থ ‘ৱাৰ্ডছ অৱ দীপৰ বিল’ উন্মোচন
- ৰাষ্ট্ৰীয় অসামৰিক সেৱা দিৱস পালন
- নতুন দিল্লীত অসম এছ’চিয়েচনৰ উদ্যোগত ৰঙালী বিহু উদযাপন
- প্ৰাকৃতিক পৰিবেশত দেৱকান্ত বৰদলৈৰ গ্ৰন্থ অতীতৰ সন্ধানত- ৪ৰ্থ খণ্ড উন্মোচন
- ৩৫তম কাৰ্বি দেহাল কাৰ্চিদম উৎসৱৰ প্ৰস্তুতি
- ৰঙালী বিহু ২০২৬ উপলক্ষে বৃদ্ধাশ্ৰম আৰু শিশু যত্ন প্ৰতিষ্ঠানত টপচেম চিমেণ্টৰ আনন্দ উৎসৱ উদযাপন
- আজিৰ পৰা ৰাজাপানীচান্দাত ৰঙালী বিহুৰ সোণালী জয়ন্তী বৰ্ষ আৰম্ভ