ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ গুৱাহাটীস্থিত ৬০ আসাম গাৰ্লছ এন চি চি বেটেলিয়ানৰ সামূহিক বাৰ্ষিক প্ৰশিক্ষণ শিবিৰ (চি এ টি চিৰ) ৯ ডিচেম্বৰৰ পৰা গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়াম চৌহদত আৰম্ভ হৈছে । দহদিনীয়া এই প্ৰশিক্ষণ শিবিৰৰ ১৮ ডিচেম্বৰত সামৰণি পৰিব। শিবিৰত বেটেলিয়ানৰ অধীনৰ প্ৰায় ৩০ খন শিক্ষা প্ৰতিষ্ঠানৰ ২৭৫ জনী জুনিয়ৰ আৰু ছিনিয়ৰ কেডেট, কেবাজনো সহযোগী এন চি চি বিষয়াই ভাগ লৈছে । আনহাতে শিবিৰৰ কেম্প কমাডেণ্টৰ দায়িত্বত আছে ৬০ আসাম গাৰ্লছ বেটেলিয়ান এন চি চিৰ কমাণ্ডিং অফিচাৰ , কৰ্ণেল অজয় কুমাৰ শৰ্মা। দহদিনীয়া শিবিৰত কেডেট সকলক ৰাইফল চালনাৰ প্ৰশিক্ষণ দিয়াৰ উপৰিও শাৰীৰিক অনুশীলন, পেৰেড, ড্ৰিল, মেপ ৰিডিং, যুদ্ধত শত্ৰুক পৰাজিত কৰাৰ কৌশল, ব্যক্তিত্ব বিকাশ, মানসিক ভাবে সৱল হৈ থকাৰ উপায় , সেনাকে ধৰি সশস্ৰ বাহিনীত ভৰ্ত্তি বা নিযুক্তি লাভৰ উপায় আদিৰ প্ৰশিক্ষণ দিয়া হৈছে । তেনেদৰে এন ডি আৰ এফ , নেডফি, প্ৰাক্তন এন চি চি কেডেট আদিৰ সহযোগত ভাগে ভাগে বিভিন্ন প্ৰশিক্ষণ প্ৰদান কৰিব । শিবিৰৰ লগত সংগতি ৰাখি দৈনিক সন্ধিয়া অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত কেডেট সকলে নৃত্য, গীতকে ধৰি বাৰে ৰহনীয়া সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শন কৰি আহিছে। ইফালে ১১ ডিচেম্বৰত এন চি চিৰ গুৱাহাটী গ্ৰুপৰ গ্ৰুপ কমাণ্ডাৰ ব্ৰিগেডিয়াৰ অজিত কুমাৰ বৰাই শিবিৰ পৰিদৰ্শন কৰি কেডেট সকলৰ প্ৰশিক্ষণ কাৰ্যৰ বুজ লয়। ব্ৰিগেডিয়াৰ বৰাই কেডেট সকলৰ সৈতে মত – বিনিময় কৰাৰ লগতে সকলো কেডেটৰ উজ্বল ভবিষ্যত কামনা কৰি এনে ধৰণৰ শিবিৰত ভাগ ললে এন চি চিৰ তিনিটা চাৰ্টিফিকেট পৰীক্ষা ক্ৰমে – এ, বি আৰু চিত অবতীৰ্ণ হোৱাৰ যোগ্যতা অৰ্জন কৰা সন্দৰ্ভত কেডেট সকলক অৱগত কৰে।
Trending
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ