গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ উদ্যোগত শ্ৰী শ্ৰীমহাকালেশ্বৰ মন্দিৰৰ পৰ্যটনৰ সম্ভাৱনীয়তা বিষয়ক আলোচনা

0 30

গুৱাহাটী বিশ্ববিদ্যালয় চৌহদৰ ভিতৰৰ পশ্চিম দিশত অৱস্থিত তথা ইতিহাস বিজড়িত আৰু বৰ্ত্তমান বিভিন্ন কাৰণত অৱহেলিত হৈ থকা শ্ৰী শ্ৰীমহাকালেশ্বৰ মন্দিৰৰ হৃত গৌৰৱ পুনৰ ঘুৰাই আনিবলৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগে। ইয়াৰ অংশ হিচাপে সোমবাৰে বাণিজ্য বিভাগৰ উদ্যোগত শ্ৰী শ্ৰীমহাকালেশ্বৰ মন্দিৰৰ ভৱিষ্যতে থকা পৰ্যটনৰ সম্ভাৱনীয়তা সম্পৰ্কে মন্দিৰ প্ৰাংগনত এখন আলোচনা চক্ৰ অনুষ্ঠিত হয় । বাণিজ্য বিভাগৰ সহকাৰী অধ্যাপিকা ডঃ সপ্তদ্বিপা শান্দিল্যৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত আলোচনা চক্ৰ উদ্বোধন কৰে বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক ডঃ ৰাজীৱ সন্দিকৈয়ে । আনহাতে আলোচনা চক্ৰত ভাগ লৈ বাণিজ্য বিভাগৰ মুৰব্বী অধ্যাপক ডঃ প্ৰশান্ত শৰ্মা, অধ্যাপক ডঃ অমৃত পাল সিং,অধ্যাপক ডঃ ভাস্কৰজোতি বৰা, অধ্যাপিকা ডঃ অপৰাজিতা বৰকাকতি, অধ্যাপক ডঃ সন্তোষ কুমাৰ মহাপাত্ৰ , অধ্যাপক ডঃ গৌৰ গোপাল বণিক , সহকাৰী অধ্যাপক ডঃ তিলক চন্দ্ৰ দাসে ভাষণ প্ৰসংগত নয়নাভিৰাম প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ মহাকালেশ্বৰ মন্দিৰ চৌহদৰ পৰ্যটনৰ দিশটোৰ প্ৰচুৰ সম্ভাৱনীয়তা আছে বুলি তথ্য সহকাৰে দাঙি ধৰে । তেনেদৰে মূখ্য অতিথি হিচাপে উপস্থিত থকা অধ্যাপক ডঃ ৰাজীৱ সন্দিকৈয়ে মন্দিৰৰ শিলত খোদিত ভাস্কৰ্যৰ ঐতিহাসিক গুৰুত্ব থকা বুলি ভাষণ প্ৰসংগত মত পোষণ কৰে আৰু মন্দিৰ চৌহদক এক আধ্যাত্মিক প্ৰতিষ্ঠান হিচাবে বিকশিত কৰাত গুৰুত্ব আৰোপ কৰা উচিত বুলিও অভিহিত কৰে । আনহাতে সহকাৰী অধ্যাপক ডঃ সুপৰ্ণ ঘোষে আঁত ধৰা অনুষ্ঠানটোৰ শেষত শলাগৰ শৰাই আগবঢ়াই সহকাৰী অধ্যাপক ডঃ অংগণা বৰাই।আৰম্ভণিতে মন্টি সাহাই ভক্তি ৰসেৰে শিৱ বন্দনা পৰিবেশন কৰে।

Leave A Reply

Your email address will not be published.