সদৌ অসম টাই আহোম ছাত্ৰ সন্থাই অসম আৰক্ষীৰ মহা পৰিদৰ্শক , এছ টি এফৰ মূৰব্বী ডঃ পাৰ্থ সাৰথি মহন্তক তেঁও সমাজ জীৱনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে শ্বহীদ ডিম্বেশ্বৰ গগৈৰ সোঁৱৰণত প্ৰথমবাৰৰ বাবে প্ৰদান কৰিছে সাহসী বঁটা। ৩০ ডিচেম্বৰৰ দিনা বিয়লি গুৱাহাটীৰ শঙ্কৰদেৱ কলাক্ষেত্ৰ চৌহদৰ ডঃ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত সদৌ টাই আহোম ছাত্ৰ সন্থাই শ্বহীদ ডিম্বেশ্বৰ গগৈৰ সোঁৱৰণত উদযাপন কৰা সন্ত্ৰাসবাদ বিৰোধী দিৱসৰ অনুষ্ঠানত আৰক্ষী মহা পৰিদৰ্শক ডঃ পাৰ্থ সাৰথি মহন্তক এই বঁটা প্ৰদান কৰা হয়। এই বঁটাত আছে এখন প্ৰশস্তি পত্ৰ, পাটৰ চেলেং , এটা ড্ৰেগন, এখন হেংদান, মুগাৰ চাপকন আৰু মুগাৰ পাগ । ইফালে সন্থাৰ সভাপতি বসন্ত গগৈৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত ডঃ পাৰ্থ সাৰথি মহন্তক বঁটা প্ৰদান কৰে শ্বহীদ মাতৃ মৃণালকান্তি গগৈয়ে। অনুষ্ঠানত অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, এন আৰ এলৰ সঞ্চালক সঞ্জীৱ ফুকন, জ্যেষ্ঠ সাংবাদিক শোণিত ভূঞা, সন্থাৰ সাধাৰণ সম্পাদকদ্বয় দিগন্ত চাংমাই আৰু অচ্যুত বৰগোহাঁইসহ ধৰি বিষয়ববীয়া সকল উপস্থিত আছিল।
Trending
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা