শিল্পী দিৱসৰ লগত সংগতি ৰাখি পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ নিৰ্দেশত অগপৰ মধ্য গুৱাহাটী যুৱ পৰিষদৰ উদ্যোগত বিশিষ্ট কণ্ঠশিল্পী , চিত্ৰশিল্পী, সমাজসেৱক ৰঞ্জন বড়োক আজি তেওঁৰ বাসগৃহত সম্বৰ্ধনা জনোৱা হয় । আনহাতে অগপৰ মধ্য গুৱাহাটী বিধান পৰিষদৰ সম্পাদক ভূপেন ঠাকুৰীয়া , গুৱাহাটী পৌৰ নিগমৰ ১২নং ৱাৰ্ডৰ পাৰিষদ দীপাংকৰ বৈশ্য আৰু অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক তথা মধ্য গুৱাহাটী যুৱ পৰিষদৰ সভাপতি সুশান্ত দেৱ চৌধুৰীৰ নেতৃত্বত যোৱা সজাতি দলটোৱে ৰঞ্জন বড়োক জাপি , গামোচা, শৰাই আদিৰে সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে ভোগালী বিহুৰ ওলগ জনায়। সজাতি দলটোত মধ্য গুৱাহাটী যুৱ পৰিষদৰ সম্পাদক ইন্দ্ৰজিৎ গোস্বামী,উপ সভাপতি ক্ৰমে- সুনীল দাস, ভাৰ্গৱ শৰ্মা, সহকাৰী সম্পাদক ক্ৰমে – জাবেদ আলী, দিবাকৰ ৰাজবংশী,ৰাজেশ চক্ৰৱৰ্তী আৰু শংকৰ দত্ত উপস্থিত আছিল ।
Trending
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন