লোকগীতৰ মুকুট বিহীন সম্ৰাট, কিংবদন্তী শিল্পী প্ৰয়াত ৰামেশ্বৰ পাঠকৰ সোঁৱৰণিত গুৱাহাটীৰ আৰ্য এলুমনি ফ’ৰামে অহা ২৫ জানুৱাৰীত কামৰূপ মহানগৰ জিলা ভিত্তিত লোকগীত সম্ৰাট ৰামেশ্বৰ পাঠক সোঁৱৰণী আন্তঃবিদ্যালয় লোকগীত প্ৰতিযোগিতাৰ আয়োজন কৰিছে। ফৰামৰ সভাপতি বিজয়ানন্দ চৌধুৰী আৰু সম্পাদক অনিল দাসে এটা বিবৃতিত জানিবলৈ দিয়া মতে সিদিনা পুৱা ১০ বজাৰ পৰা আৰ্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হবলগীয়া প্ৰতিযোগিতাখনত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ অধ্যয়নৰত শিক্ষাৰ্থী সকলে ভাগ লব পাৰিব। আনহাতে প্ৰতিযোগিতাত যোগদান কৰিব বিচৰা আগ্ৰহী প্ৰতিযোগী সকলে এই বিষয়ে কিবা জানিব বিচাৰিলে ৯৮৬৪০২৮৮৫৯, ৯৪৩৫১৯১৭৯৬, ৯৪৩৫৩৪৮৭১৯ মবাইল নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি ফৰামৰ প্ৰচাৰ বিভাগৰ দায়িত্ববাহী হোমেন পেগুৱে জানিবলৈ দিছে।
Trending
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন