জালুকবাৰী লেখিকা সমাৰোহ সমিতিৰ ঊনত্ৰিংশৎ বৰ্ষৰ দশমখন বৈঠকখন যোৱা ২৫ জানুৱাৰীত গুৱাহাটী বিশ্ববিদ্যালয় আদৰ্শ ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হয়। শাখাৰ সভানেত্ৰী প্ৰজ্ঞা গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকখনৰ আৰম্ভণিতে শাখাৰ সদস্যাসকলে আৰম্ভণী সংগীত পৰিবেশন কৰে আৰু সম্পাদিকা গীতিকা দাসে বৈঠকৰ উদ্দেশ্য ব্যাখ্যা কৰে । বৈঠকৰ আৰম্ভণিতে সদ্যপ্রয়াত শিক্ষাবিদ অনিল কুমাৰ গোস্বামী, চলচ্চিত্ৰ প্ৰযোজক পৰাণ বৰ বৰুৱা,অভিনেত্ৰী জ্ঞানদা কাকতিৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি এক মিনিট মৌন প্ৰাৰ্থনা জনোৱা হয়। আনহাতে বৈঠকত স্ব ৰচিত লেখা পাঠ অনুষ্ঠানত প্ৰৱন্ধ পাঠ কৰে ৰেণু ডেকাই । স্বৰচিত গল্প পাঠ কৰে ভাৰতী চমুৱা,অঞ্জু শইকীয়া দত্ত আৰু মণিৰূপা মিশ্ৰই।কবিতা পাঠ কৰে মামনি ভট্টাচাৰ্যই ।কবিতা আবৃত্তি কৰে দীপ্তি ৰেখা পাঠক মজুমদাৰ আৰু অঞ্জনা হাজৰিকাই । সংগীত পৰিবেশন কৰে মিনতি গোস্বামী, মল্লিকা বৰা, ডঃ মালা চলিহা, নিৰ্মালী গোস্বামী আৰু ৰুণুমী নাথে । গীতিকা দাসে কৌতুক পৰিবেশন কৰে।শেষত অপৰ্ণা দেৱীৰ নেতৃত্বত সদস্যাসকলৰ মাজত এখনি প্ৰশ্নোত্তৰ শিতান অনুষ্ঠিত হয়। সভাপতিৰ মন্তব্য পাছত শলাগৰ শৰাই আগবঢ়াই নিৰ্মালী গোস্বামীয়ে। অসম সংগীতেৰে সভাৰ বৈঠকৰ পৰে।
Trending
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা