দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠানত মহানগৰীৰ চছলত পূব গুৱাহাটী সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ উপস্থিতিত চছল ৰাজহুৱা নামঘৰৰ সভাগৃহত শতাধিক লোক সমবেত হয়। এই অনুষ্ঠানত অঞ্চল টোৰ পুৰুষ- মহিলা সকলে এক সুন্দৰ পৰিবেশত উপভোগ কৰে। অনুষ্ঠানত নামঘৰ সমিতিৰ সভাপতি ড: নৱ নাহৰডেকা, ওপৰ চছল বিহু সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পবণ বুঢ়াগোহাঁই, ৰূপালী জয়ন্তী বৰ্ষ বিহু উৎসৱ উদযাপন সমিতিৰ কাৰ্য্যকৰী সভাপতি ডাঃ বুধিন শইকীয়া, সম্পাদক দ্বয় যথাক্ৰমে প্ৰশান্ত শইকীয়া আৰু নৱনীতা বৰদলৈ, সাংস্কৃতিক সম্পাদক ধনঞ্জয় তালুকদাৰ, অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত যুটীয়া সচিব প্ৰফুল্ল ডেকা, স্হানীয় সমাজ সংগঠক হৰেণ মান্তা, ধৰ্মেন্দ টেৰণ, বিপুল চেত্ৰী আদি ব্যক্তি সকলে অংশগ্ৰহণ কৰে। নেতিবাচক চিন্তাৰ ধামখুমীয়াত মন কি বাত অনুষ্ঠান ইতিবাচক চিন্তাৰ এক উল্লেখনীয় সমল বুলি উল্লেখ কৰি মন কী বাত অনুষ্ঠানৰ অন্তত উপস্থিত ৰাইজক উদ্দেশ্যি বক্তব্য আগবঢ়ায়। লগতে কয় যে বৰ্তমান সময়ত বাতৰি কাকত,টেলিভিছনৰ চেনেলবোৰত আৰু সামাজিক মাধ্যমত নেতিবাচক চিন্তাৰ প্ৰবলতাই সমাজ জীৱনত আৰু মানুহৰ চিন্তাধাৰাক কোন দিশত ধাৱমান কৰিছে সেয়া সহজতে অনুমেয়। ইতিবাচক সঁহাৰি আৰু চিন্তাধাৰাৰ অনুষ্ঠান মন কী বাতৰ জৰিয়তে মানুহৰ মনত ইতিবাচক চিন্তাৰ উদয় হোৱাৰ কামনা কৰে। চছল অঞ্চলৰ বহুকেইটা সামাজিক অনুষ্ঠানে বিধায়ক গৰাকীক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে।
Trending
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা